ETV Bharat / state

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈ মাজুলীত উপস্থিত ডম্বৰুধৰ নাথ

author img

By

Published : Jun 10, 2019, 2:19 PM IST

Updated : Jun 10, 2019, 2:31 PM IST

বহু প্ৰত্যাশিত ৰাজ্যৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় বিশিষ্ট শিক্ষাবিদ ডঃ ডম্বৰুধৰ নাথ ৷ সোমবাৰে মাজুলীবাসীয়ে কমলাবাৰী ঘাটৰ পৰা শোভাযাত্ৰা কৰি আদৰি আনে শিক্ষাবিদ নাথক

ডঃ ডম্বৰুধৰ নাথ

মাজুলী,10 জুনঃ বহুপ্ৰত্যাশিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰি নদীদ্বীপটোত উপস্থিত হয় শিক্ষাবিদ ডঃ ডম্বৰুধৰ নাথ ৷ কমলাবাৰী ফেৰী ঘাটত মাজুলীবাসীয়ে নাথক উষ্ম আদৰণি জনায় ৷

অধিক খবৰৰ বাবে পঢ়কঃ সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস বৰ্জন শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ

মাজুলীত উপস্থিত হৈয়ে নিজৰ শিক্ষাগুৰুক স্মৰণ কৰি আবেগবিহ্বল হৈ পৰে ডঃ নাথ ৷ আজি দিনৰ ভাগতে বহুপ্ৰত্যাশিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক কাম-কাজ আনুষ্ঠানিকভাৱে আৰম্ভণী কৰিব ডঃ ডম্বৰুধৰ নাথে ৷

মাজুলীত উপস্থিত ডম্বৰুধৰ নাথ


উপাচাৰ্যগৰাকীক আজি পুৱা ১০.২০ বজাত কমলাবাৰী ঘাটত মাজুলীবাসীয়ে উষ্ম আদৰণি জনায় ৷ মাজুলীৰ বিভিন্ন দল-সংগঠন, বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী তথা মাজুলীৰ স্থানীয় জনতাই আদৰি আনে শিক্ষাবিদ ডঃ ডম্বৰুধৰ নাথক ৷ পৰৱৰ্তী সময়ত ডঃ নাথে মাজুলী মহাবিদ্যালয় আৰু গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। আনহাতে আজি দিনৰ ভাগত আৱৰ্ত ভৱনত এখন সংবাদ মেলৰো আয়োজন কৰিছে ডঃ ডম্বৰুধৰ নাথে ৷

সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলীৰ নৱনিযুক্ত উপাচাৰ্য ড০ ডম্বৰুধৰ নাথক ফেৰী ঘাটত উস্ম আদৰনি।।                 -------------------------- (আজি পুৱা মাজুলীত আহি উপস্থিত হ'য় ডঃনাথ । ৰাজ্যৰ প্ৰথমখন আৰু মাজুলীবাসীৰ বহু প্ৰতীক্ষিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ গুৰু দায়িত্ব গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক আৰু শৈক্ষিক কাম-কাজ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব ড০ নাথে। মাজুলীৰ বাবে নিঃসন্দেহে এয়া এক অতিকে মহত্বপূৰ্ণ উপলক্ষ। উপাচাৰ্য গৰাকীক আজি পুৱা ১০.২০ বজাত কমলাবাৰী ঘাটত মাজুলীবাসীয়ে উষ্ম আদৰণি জনায় মাজুলীৰ বিভিন্ন দল সংগঠন, আছু সাহিত্য সভা বিভিন্ন শিক্ষানুষ্ঠান ৰ মুৰব্বী, তথা মাজুলীৰ গন্য মান্য ব্যক্তিয়ে। ফেৰী ঘাটত গায়ন বায়ন মিছিং নৃত্য বিহু নৃত্য আদিয়ে আদৰনি জনায়। ইয়াৰ পাছত ডঃ নাথ মাজুলী মহাবিদ্যালয় ,আৰু গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আদৰনি জনাব। ১ বজাত আৱত্ত ভৱনত এখন সংবাদ মেলৰো আয়োজন কৰিছে। 

বাইট --- ডাম্বৰুধৰ নাথ ।

মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।
Last Updated :Jun 10, 2019, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.