ETV Bharat / state

Majuli By Election Results : মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী ভূৱন গাম

author img

By

Published : Mar 10, 2022, 9:38 AM IST

Updated : Mar 10, 2022, 1:11 PM IST

Majuli By Election Results UPDATE
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

সামৰণি পৰিছে মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগণনা (Majuli By Election Results updates) ৰ ৷ চতুৰ্দশ ৰাউণ্ডৰ ফলাফল অনুসৰি, বিজেপি প্ৰাৰ্থী ভূৱন গামে বিপক্ষৰ নিকটতম প্ৰতিদ্বন্দ্বী চিত্তৰঞ্জন বসুমতাৰীত 41,530 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷

নিউজ ডেস্ক, 10 মাৰ্চ : সামৰণি পৰিছে মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগণনা (Majuli By Election Results updates) ৰ ৷ এই নিৰ্বাচনত তিনিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও, মূল যুঁজখন বিজেপি প্ৰাৰ্থী ভূৱন গাম আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজতে সীমাবদ্ধ থাকে ৷

চতুৰ্দশ ৰাউণ্ডৰ ফলাফল অনুসৰি, বিজেপি প্ৰাৰ্থী ভূৱন গামে বিপক্ষৰ নিকটতম প্ৰতিদ্বন্দ্বী চিত্তৰঞ্জন বসুমতাৰীত 41,530 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ বিজেপি প্ৰাৰ্থী ভূৱন গামে লাভ কৰিছে 66,094 টা ভোট, এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে 24,564 টা ভোট, বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰিছে 2,243 টা ভোট ৷ সমষ্টিটোত ন’টা ভোট পৰিছে 1,609 টা ৷

উল্লেখ্য যে, বিগত 7 মাৰ্চত সমষ্টিটোত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী ভূৱন গাম, বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে ৷

পৌৰ নিৰ্বাচনৰ ফলাফলৰ দৰেই মাজুলীতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ল গেৰুৱা দল বিজেপি ৷

লগতে চাওক: Majuli By Election Results : কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

Last Updated :Mar 10, 2022, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.