ETV Bharat / state

Majuli By Election Results : কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

author img

By

Published : Mar 10, 2022, 8:14 AM IST

Updated : Mar 10, 2022, 9:04 AM IST

আজি ঘোষণা কৰা হ’ব মাজুলী উপ নিৰ্বাচনৰ ফলাফল (Majuli By Election results) ৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী ভূৱন গাম, বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু বাঁওপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে ৷ কোনে মাৰিব শেষ হাঁহি ?

Majuli By Election results declares today
মাজুলী উপ নিৰ্বাচনৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, 10 মাৰ্চ : ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ ৷ পৌৰ নিৰ্বাচনত বিজেপিৰ আধিপত্য বিস্তাৰৰ পিছতে সাধাৰণ ৰাইজৰ দৃষ্টি এতিয়া আৱদ্ধ মাজুলীৰ উপ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ৷ আজি ঘোষণা কৰা হ’ব মাজুলীৰ উপ নিৰ্বাচনৰ ফলাফল (Majuli By Election Results) ৷

বিগত 7 মাৰ্চত সমষ্টিটোত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী ভূৱন গাম, বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু বাঁওপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে ৷

উল্লেখ্য যে, সদ্যঘোষিত পৌৰ নিৰ্বাচনত বিৰোধীক একপ্ৰকাৰ ধূলিসাৎ কৰি ৰাজ্যত ফুলি উঠিল পদুম ফুল ৷ তাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ হৈ একমাত্ৰ আসনখন লাভ কৰিছিল নামৰূপৰ প্ৰস্তুতি ফুকন গগৈয়ে ৷ এই দুয়োটা ফলাফল যদিহে তুলনা কৰি চোৱা হয়, তেন্তে মাজুলীত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰে সম্ভাৱনা অধিক ৷

7 মাৰ্চত কটকটীয়া নিৰাপত্তাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশত মাজুলীত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ আবেলি ৫ বজালৈ 66.16 শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰিছিল মাজুলীবাসী ভোটাৰসকলে ৷ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা অনুসৰি, কোনো বিক্ষিপ্ত ঘটনা অবিহনে শান্তিপূৰ্ণভাৱে ২০৩ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ ৷

মাজুলী বিধানসভা সমষ্টিত সৰ্বমুঠ ভোটাৰ আছিল 1,33,277 গৰাকী । সৰ্বমুঠ ১৬৪ টা মূল ভোট কেন্দ্ৰ থকাৰ বিপৰীতে ৩৯ টা আছিল সহযোগী ভোটকেন্দ্ৰ ৷ সমষ্টিটোত ৮১২ গৰাকী নিৰ্বাচনী বিষয়া ভোটগ্ৰহণত দায়িত্বত নিয়োজিত আছিল ৷

এতিয়া মাজুলীবাসী ৰাইজে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে কাক নিৰ্বাচিত কৰিছে, সেয়া আজি ঘোষণা হ’বলগীয়া ফলাফলতে জলজল-পটপটকৈ স্পষ্ট হৈ পৰিব ৷

লগতে চাওক: পৌৰ সভা নিৰ্বাচনত বি জে পিৰ জয়জয়কাৰ, কংগ্ৰেছ ধৰাশায়ী, নিৰ্দলীয়ৰ উত্থান

Last Updated :Mar 10, 2022, 9:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.