ETV Bharat / state

Kati Bihu: মাজুলীৰ আকাশত জ্বলিল আকাশ বন্তি

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 7:39 PM IST

Kati Bihu celebration in Majuli
মাজুলীৰ আকাশত জ্বলিল আকাশ বন্তি

আজি কাতি বিহু । গেৰ ধৰা পথাৰত আকাশ বন্তি জ্বলাই, তুলসীৰ তলত নাম-কীৰ্তন কৰি কৃষিজীৱি অসমীয়াই উদযাপন কৰিছে কাতি বিহু । শাৰদীয় মুখ্য উৎসৱ হিচাপে বিবেচিত কাতি বিহু উপলক্ষে ৩৭০ বছৰীয়া পৰম্পৰাৰে মাজুলীত প্ৰজ্বলন কৰা হ'ল আকাশ বন্তি ।

মাজুলীৰ আকাশত জ্বলিল আকাশ বন্তি

মাজুলী,১৮ অক্টোবৰ: আজি কাতি বিহু । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে, প্ৰতিখন গৃহস্থীয়ে উদযাপন কৰিছে কাতি বিহু । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে মাজুলীতো উদযাপন কৰা হৈছে কাতি বিহু । মাজুলীত কাতি বিহু শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । ৰাসোৎসৱ, পালনামৰ দৰেই কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ । কাতি বিহু উপলক্ষে মাজুলীৰ বিশেষ আকৰ্ষণ হৈছে আকাশ বন্তি ।

ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মুৰ সত্ৰত আকাশ বন্তি প্ৰজ্বলন কৰা হয় । বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঐতিহাসিক আউনীআটী সত্ৰত ৩৭০ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰা হয় । সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰে । গোটেই কাতি মাহটোতে এই ২১ জোৰা আকাশ বন্তি প্ৰজ্বলিত হৈ থাকিব মাজুলীত ।

বুধবাৰে সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন-বায়ন, ঢুলীয়া-খুলীয়া, ওজাপালি, নটুৱা সংকীৰ্ত্তণ আদিৰ মাজেৰে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ, বৰপূজাৰী বয়োজেষ্ঠ বৈষ্ণৱসকলে সন্ধিয়া ২১ জোৰ আকাশ বন্তি প্ৰজ্বলন কৰে । আউনীআটী সত্ৰত পৰম্পৰাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰাৰ লগতে মাজুলীৰ ৩৫ খন সত্ৰৰ নিৰ্দিষ্ট পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰা হয় । মাজুলীৰ দক্ষিণ পাট সত্ৰত ৭ যোৰা আৰু গড়মূৰ সত্ৰত ৩ জোৰা আকাশ বন্তি প্ৰজ্বলন কৰে ।

যদিওবা কাতি বিহু কঙালী তথাপিও সত্ৰসমূহত এই বিহুৰ ধৰ্মীয় আধ্যাত্মিকতা বেছি । কাতি মাহতো দামোদৰ মাহ পূণ্যমাহ আৰু এই কাতি মাহত তলত তুলসী ৰোপণ কৰিলে মানৱ জাতীৰ কল্যাণ সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্ধাৰ হয় । তুলসী দৰ্শন মাত্ৰে পূণ্য হয় স্পৰ্শ কৰিলে পাপ ক্ষয় হয় আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় । এই কথা পদ্ম পুৰানত উল্লেখ আছে । পৰম ব্ৰহ্ম ই হৈছে জ্যোতি, এই জ্যোতি প্ৰজ্বলন কৰি আদি ব্যাধি নিস্তাৰ কৰি হৃদয়ৰ আকাশ পোহৰাই তুলিবলৈ প্ৰজ্বলিত হয় বন্তি ।

লগতে পঢ়ক: Kati Bihu 2023 : আমগুৰিতো কাতি বিহুৰ ভাললগা দৃশ্য, ব্যস্ত হৈ পৰিল শিশুৰ পৰা বৃদ্ধলৈকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.