ETV Bharat / state

Ferry services disrupted : ব্যাহত মাজুলী নিমাতী সংযোগী ফেৰী সেৱা; সমস্যাত যাত্ৰী

author img

By

Published : Jun 20, 2023, 11:11 AM IST

ব্যাহত মাজুলী নিমাতী সংযোগী ফেৰী সেৱা ৷ ঘন কুঁৱলীৰ বাবে নৈৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰীৰ লগতে 108 নৌকা এম্বুলেন্স সেৱা ৷

Nimati Majuli ferry service
ঘন কুঁৱলীৰ বাবে ব্যাহত ফেৰী সেৱা

ঘন কুঁৱলীৰ বাবে ব্যাহত ফেৰী সেৱা

মাজুলী, 20 জুন : ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা বৰষুণে বিপৰ্যস্ত কৰিছে সাধাৰণ জীৱন-যাত্ৰা ৷ জলপথেৰে যাতায়ত কৰা যাত্ৰীসকলে বৰ্তমান দুৰ্ভোগ ভোগা পৰিলক্ষিত হৈছে ৷ ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে মাজুলী নিমাতী সংযোগী ফেৰী সেৱা ব্যাহত হৈ পৰিছে ৷

উল্লেখ্য যে, যোৱা দেওবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ কমিছে যদিও সুচলভাৱে চলা নাই মাজুলী নিমাতী সংযোগী ফেৰী সেৱা ৷ ঘন কুঁৱলী থকাৰ বাবে অইন দিনাৰ দৰে আজিও মাজুলী নিমাটি সংযোগী ফেৰি চলাচলত ব্যাঘাত জন্মা বুলি জানিবলৈ পৰা গৈছে । ঘন কুঁৱলীৰ বাবে বাতৰি সংগ্ৰহ কৰা পৰলৈকে অফলা নিমাতি, কমলাবাৰী নিমাতি ফেৰী সেৱা আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধ ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ।

পুৱাৰে পৰা নদীৰ ইপাৰ-সিপাৰ হ’বলৈ পাৰঘাটত যাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে যদিও বতৰৰ প্ৰতিকূলতাৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিষয়টো সন্দৰ্ভত বিভাগে অধিক জানিবলৈ দি ব্ৰহ্মপুত্ৰ নদীত কুঁৱলীৰ মাত্ৰা হ্ৰাস পালেহে ফেৰী সেৱা চলিব বুলি কয় ।

Nimati Majuli ferry service
ঘন কুঁৱলীৰ বাবে ব্যাহত ফেৰী সেৱা

উল্লেখ্য যে, প্ৰতিকূল বতৰৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ মাজত এখন যাত্ৰীবাহী ফেৰী আৰু এখন জৰুৰীকালীন 108 সেৱা নৈৰ মাজত আৱদ্ধ হৈ পৰিছিল । মাজুলী পৰা নিমাতি ঘাটত ৰোগী থৈ মাজুলীলৈ উভতাৰ পথত ব্ৰহ্মপুত্ৰৰ মাজত কুঁৱলীৰ বাবে দিশ হেৰাইছিল 108 নৌকা এম্বুলেন্সখনে ।
তাৰপিচত নদীৰ মাজতে বহু সময় ধৰি আৱদ্ধ হৈ পৰিছিল 108 নৌকা এম্বুলেন্সখনে । প্ৰায় 1 ঘণ্টা ধৰি নৈৰ এটি বালিছৰত আৱদ্ধ হৈ পৰিছিল এম্বুলেন্সখন । অৱশ্যে পৰৱৰ্তী সময়ত পাৰঘাট পাবলৈ সক্ষম হয় 108 নৌকা সেৱাখনে । এনেদৰে কুঁৱলী পৰি থাকিলে নিশাৰ ভাগত ৰোগী পাৰাপাৰ কৰাত অসুবিধা হ’ব বুলি কয় 108 নৌকা সেৱাৰ কৰ্মচাৰীয়ে ।

ইফালে দিনৰ ভাগটো ঘন কুঁৱলীৰ বাবে নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ অহা যাত্ৰীবাহী ফেৰী নদীৰ মাজত আৱদ্ধ হৈ পৰিছিল ।

লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.