ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক

author img

By

Published : Nov 26, 2019, 9:11 PM IST

Updated : Nov 26, 2019, 10:11 PM IST

মাজুলীৰ মুদৈগাঁও বনগাঁও পথ নিৰ্মাণত অনিয়মৰ বাবে নিলম্বন পথ নিৰ্মাণৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা সীমান্ত দত্তক ৷ ইটিভি ভাৰত অসমত পথ নিৰ্মাণত অনিয়মৰ খবৰ প্ৰকাশ পোৱাৰ পাচতেই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্তৰ এই সিদ্ধান্ত ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক

মাজুলী, 26 নৱেম্বৰ: মুদৈগাঁও বনগাঁও পথ নিৰ্মাণত অনিয়মৰ বাবে নিলম্বন হ’ল পথৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা সীমান্ত দত্ত। পথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি ইটিভি ভাৰত অসমত ধাৰাবাহিক প্ৰচাৰ হোৱাৰ পাচতেই গড়কাপ্তানী বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্তই নিলম্বন কৰে অভিযন্তা সীমান্ত দত্তক ৷ পুচফাছ কনষ্ট্ৰাকচন কোম্পানীৰ নিৰ্মাণত বিসংগতিৰ বাবেই নিৰ্মীয়মান অৱস্থাতেই ভাগি পৰিছিল পথটো।

কণিষ্ঠ অভিযন্তা সীমান্ত দত্ত
কণিষ্ঠ অভিযন্তা সীমান্ত দত্ত

অৱশ্যে তাৎপৰ্যপূৰ্ণ ভাৱে ঠিকাদাৰ হেমন্ত বৰাৰ ওপৰত বৰ্তমানেও কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই উৰ্দ্ধতন কৰ্তৃপক্ষই ৷ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই হেমন্ত বৰাৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

Intro:Majuli Big Breaking :
ইটিভি ভাৰত অসমৰ News Big impact:

@ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ।
মুদৈগাওঁ বনগাঁও পথ নিৰ্মাণত অনিয়মৰ বাবে নিলম্বন কৰিলে পথৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা সীমান্ত দত্ত ।

অসম চৰকাৰৰ গৰকাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্তই নিলম্বন কৰিছে দত্তক ।

পুচফাছ কনষ্টাকচন কোম্পানীৰ নিৰ্মান বিসংগতি ৰ বাবে নিৰ্মীয়মান অৱস্থাত ভাগিছিল পথটো ।

ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱত নিলম্বন কৰিবলৈ বাধ্য হল গৰকাপ্তানী বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষ ।

তাপৰ্যপূৰ্ণ ভাৱে ঠিকাদাৰ হেমন্ত বৰাৰ ওপৰত নহল কোনো শাস্তিমূলক ব্যৱস্থা ।

হেমন্ত বৰাই ৰাজনৈতিক পৃষ্ঠপোষকতাত শাস্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ অভিযোগ ।
Body:মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
Last Updated : Nov 26, 2019, 10:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.