ETV Bharat / state

ক’ভিডৰ কৰাল গ্ৰাসত অসহায় মাজুলীৰ ফেৰী কৰ্মচাৰী

author img

By

Published : Jul 12, 2021, 5:27 PM IST

Updated : Jul 12, 2021, 10:04 PM IST

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ ফলত মাজুলী কমলাবাৰী -নিমাতি ফেৰী সেৱা আৰু অফলামূখ -নিমাতী ফেৰীসেৱাৰ লগতে দক্ষিণপাট -নিমাতী ফেৰী সেৱা, সমূহ বন্ধ হৈ পৰিল। দুমাহ ধৰি মাজুলী নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে কৰ্মচাৰী সকলে ৷

ferry-workers-of-majuli-hit-hard-due-to-covid-19
ক’ভিডৰ কৰাল গ্ৰাসত মাজুলীৰ ফেৰী কৰ্মচাৰী

মাজুলী ,12 জুলাই : ৰাজ্যজুৰি ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ ক’ভিডে দুৰ্যোগ নমাই আনিছে সমগ্ৰ ৰাজ্যলৈ ৷ এই ভয়াৱহ সংক্ৰমণে জুৰুলা কৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দুখীয়া খাটি খোৱা লোক সকলক ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱনলৈ নামি আহিছে আমানিশা ৷ কি পদপথৰ ব্য়ৱসায়ী কি পাচলি ব্য়ৱসায়ী সকলো যেন এতিয়া জুৰুলা ক’ভিডৰ কৰাল গ্ৰাসত ৷

চৰকাৰী নীতি নিয়ম তথা ভয়াৱহ গণ সংক্ৰমণৰ ফলত এতিয়া ৰাজ্যত অধিক কঠোৰ হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন ৷ ক’ভিডে দুৰ্যোগ নমাই আনিছে মাজুলীত ব্যক্তিগত ফেৰিত কাম কৰা কৰ্মচাৰী সকললৈ ৷ বিগত দুমাহ ধৰি বন্ধ হৈ আছে মাজুলী নিমাতী ফেৰী সেৱা । যাৰ ফলত হতাশাত ভুগিছে কৰ্মচাৰী সকল ৷

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-১৯ (Covid 19) এ ভয়াৱহ ৰূপ লোৱাত স্থবিৰ হৈ পৰিছে অসম । ক’ভিড মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে নতুন এছ অ’ পি (SOP) মতে বন্ধ ঘোষণা কৰিলে আন্তঃজিলা যাতায়ত ।

ক’ভিডৰ কৰাল গ্ৰাসত মাজুলীৰ ফেৰী কৰ্মচাৰী

আন্তঃজিলা বন্ধ হৈ যোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে বন্ধ হৈ পৰিল যাতায়ত ব্যৱস্থা । এখন জিলাৰ পৰা অন্য এখন জিলালৈ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিল । লগে লগে বন্ধ হৈ পৰিল ফেৰি সেৱাসমূহ। মাজুলী কমলাবাৰী-নিমাতি ফেৰী সেৱা আৰু অফলামূখ-নিমাতী ফেৰীসেৱাৰ লগতে দক্ষিণপাট-নিমাতী ফেৰী সেৱাসমূহ বন্ধ কৰি দিয়া হ’ল ।

ফেৰী ঘাটসমূহ বন্ধ হৈ যোৱাৰ লগে লগে ব্যক্তিগত ফেৰীত কৰ্মৰত কৰ্মচাৰী সকলৰ পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সৃষ্টি হৈছে । ফেৰী চলিলেহে দৰমহা পায় এই কৰ্মচাৰী সকলে । যিহেতু এতিয়া ফেৰিসেৱাই বন্ধ হৈ আছে কৰ্মচাৰী সকলক মালিক পক্ষই দৰমহা দিয়ে কেনেকৈ । সেয়েহে চৰকাৰলৈ অনুৰোধ জনাইছে ব্যক্তিগত ফেৰীত কৰ্মৰত লোক সকলক যাতে চৰকাৰে পৰ্যাপ্ত সহায় আগবঢ়ায়।

লগতে পঢ়ক:হঠাৎ লাগিল জুই : নিমিষতে চাৰখাৰ কেইবাটাও বাসগৃহ

Last Updated : Jul 12, 2021, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.