ETV Bharat / state

জিলা ঘোষণাৰ দিনটোত মাজুলীত বিজেপিৰ চাফাই অভিযান

author img

By

Published : Sep 8, 2022, 9:14 PM IST

২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীয়ে লাভ কৰিছিল জিলাৰ স্বীকৃতি । আজি পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি লাভ কৰাৰ ৭ বছৰ অতিক্ৰম কৰিলে । সেয়েহে ইয়াৰ সৈতে সংগতি ৰাখি মাজুলী জিলা বিজেপিৰ চাফাই অভিযান (Cleaning at Garhmur Hospital in Majuli)।

BJP observed Majuli  District recognition day
জিলা ঘোষণাৰ দিনটোতেই মাজুলীত বিজেপিৰ চাফাই অভিযান

মাজুলী, ৮ ছেপ্তেম্বৰ: অসমবাসীৰ বাবে ৮ ছেপ্টেম্বৰ এক গৌৰৱৰ দিন । এই দিনটোতেই জন্ম হৈছিল সুধাকণ্ঠ,সংগীত সূৰ্য ড৹ ভূপেন হাজৰিকাৰ (Bhupen Hazarika birth anniversary)। সেয়েহে বৃহস্পতিবাৰে ৰাজ্যবাসীয়ে পালন কৰিছে সুধাকণ্ঠৰ ৯৬ সংখ্যক ওপজা দিন (96th birth anniversary of Bhupen Hazarika)। সমান্তৰাল ভাৱে আজিৰ দিনটো মাজুলীবাসীৰ বাবেও এক ষ্মৰণীয় দিন। কাৰণ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটোৱে জিলাৰ স্বীকৃতি লাভ কৰিছিল এই দিনটোতে।

২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীয়ে লাভ কৰিছিল এই বিশেষ স্বীকৃতি । আজিৰ দিনটোতে নদীদ্বীপ জিলা হিচাপে ঘোষিত হৈ গৌৰৱান্বিত হৈছিল মাজুলীৰ দুই লক্ষ জনসাধাৰণ ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপে(World largest river island Majuli)পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি লাভ কৰাৰ ৭ বছৰ অতিক্ৰম কৰিলে (7th years of Majuli District recognition) ।

জিলা ঘোষণাৰ দিনটোতেই মাজুলীত বিজেপিৰ চাফাই অভিযান

আজিৰ এই প্ৰবিত্ৰ দিনটোত মাজুলী জিলা বিজেপিয়ে মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত এক চাফাইঅভিযান চলায় (BJP cleaning drive in Majuli) । এই চাফাই অভিযানত অংশ লৈ ৰাইজে কয় যে স্বচ্ছতাই মানুহৰ দেহ-মনত প্ৰশান্তি আনি দিয়ে । লগতে কয়, ঠাই সমূহৰ দৰে মানুহৰ মনবোৰো সকলো সময়ত চফা হৈ থাকিব লাগে ।

এই চাফাই অভিযানত অংশগ্ৰহণ কৰি মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শইকীয়াই কয় যে আজিৰ এই দিনটোতেই মাজুলীক জিলা হিচাপে ঘোষণা কৰিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল সবানন্দ সোণোৱালে(Sabananda Sonowal)। জিলা বিজেপিৰ সভাপতিগৰাকীয় সেই সময়ৰ তদানীন্তন মিত্ৰজোঁটৰ চৰকাৰখনৰো সলাগ লয় ।

লগতে পঢ়ক:তিনিজন মানুহেৰে দল খুলি অজিত ভূঞাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে: অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.