ETV Bharat / state

অসমীয়া সাজত ছুইজাৰলেণ্ডৰ এজাক ছাত্ৰ-ছাত্ৰী

author img

By

Published : Feb 12, 2019, 2:40 PM IST

মাজুলীৰ ডেকাচাঙত বেৰ্ন বিশ্ববিদ্যালয়ৰ দল

MAJULI


মাজুলী ,১২ ফেব্ৰুৱাৰী : মাজুলীত অসমীয়া জাতীয় সাজপাৰ পিন্ধি এজাক ছুইজাৰলেণ্ডৰ ছাত্ৰ ছাত্ৰী । পাটমূগাৰ মেখেলা চাদৰ পিন্ধি কেইগৰাকীমান বিদেশী গাভৰু।

MAJULI

ইউৰোপৰ প্ৰাকৃতিক ভূস্বৰ্গ ছুইজাৰলেণ্ডৰ আগশাৰীৰ বিশ্ববিদ্যালয় বেৰ্ন বিশ্ববিদ্যালয়(Bern university)ৰ ১৮ জন ছাত্র ছাত্ৰী আৰু ৩ গৰাকী প্ৰবক্তাই এক প্ৰকল্পৰ অধীনত মাজুলীৰ লুইতৰ পাৰত নিৰ্মাণ কৰিছে এটা ঘৰ। মাজুলী ডেকা চাং বেম্ব' ল'জৰ সমীপত নিৰ্মাণ কৰা ঘৰটোত আছে মাজুলীৰ কৃষ্টি-সংস্কৃতি তথা গ্ৰাম্য জীৱন প্ৰতিফলিত হোৱাকৈ এটা সংগ্ৰহালয় ।

১০ দিনৰ বাবে প্ৰফেছৰ ডঃ আলেস্ক চিলছটহপৰ নেতৃত্বত মাজুলী ভ্ৰমণৰ বাবে অহা দলটোৱে ৬ টা দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিছে এই নিৰ্মাণ । মঙলবাৰে আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত মাজুলী জিলা উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই মিউজিয়ামটো শুভ উদ্বোধন কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.