ETV Bharat / state

অযোধ্যাৰ দীপোৎসৱত মাজুলীৰ শিল্পীয়ে পৰিৱেশন কৰিলে অংকীয়া নাট

author img

By

Published : Nov 5, 2021, 6:24 PM IST

শ্ৰী ৰামৰ জন্মভূমি অযোধ্যাত অনুষ্ঠিত দীপোৎসৱত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিলে মাজুলীৰ শিল্পীয়ে । দীপোৎসৱত উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীৰ এটা দলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত 'ৰামবিজয়' নাট পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে । শ্ৰীলংকাৰ লগতে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, ওড়িশা, তামিলনাডু, জম্মু, লক্ষ্ণৌ, কলকাতা আদি স্থানৰ শিল্পীসকলেও দীপোৎসৱত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ।

Angkia Naat performed by Majuli Artist at Deepotsav
অযোধ্যাৰ দীপোৎসৱত মাজুলীৰ শিল্পীয়ে পৰিৱেশন কৰিলে অংকীয়া নাট

মাজুলী, ৫ নৱেম্বৰ: পূণ্যভূমি অযোধ্যাত সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলালে উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীৰ এটা দলে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত 'ৰামবিজয়' নাট পৰিৱেশন কৰি মুহিলে অযোধ্যাবাসীক । শ্ৰীৰামৰ পৱিত্ৰ জন্মভূমি অযোধ্যাত উত্তৰ প্ৰদেশ চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ উদ্যোগত ১ নৱেম্বৰ পৰা ৫ নৱেম্বৰলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দীপোৎসৱ আয়োজন কৰা হৈছে । এই দীপোৎসৱতে মাজুলীৰ শিল্পীয়ে পৰিৱেশন কৰিলে গায়ন বায়নৰ অনুষ্ঠান আৰু 'ৰামবিজয়' অংকীয়া নাট ।

অযোধ্যাৰ দীপোৎসৱত মাজুলীৰ শিল্পীয়ে পৰিৱেশন কৰিলে অংকীয়া নাট

এই অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ ১৪ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে । মহাপুৰুষ শংকৰদেৱৰ কালজয়ী সৃষ্টি এনেদৰে দৰ্শন কৰিবলৈ পাই অভিভূত হয় সাধু-সন্তৰ লগতে বিভিন্ন ঠাইৰ গৱেষক পণ্ডিতসকল । দুদিন দুটা পৃথক স্থানত গায়ন বায়নৰ অনুষ্ঠান আৰু ৰামবিজয় নাট পৰিৱেশন কৰে শিল্পীসকলে । শ্ৰীলংকাৰ লগতে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, ওড়িশা, তামিলনাডু, জম্মু, লক্ষ্ণৌ, কলকাতা আদি স্থানৰ শিল্পীসকলেও দীপোৎসৱত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ।

এনে এক স্থানত গুৰুজনাৰ সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ পোৱাটো মাজুলীৰ লগতে সমগ্ৰ অসমৰ বাবে গৌৰৱৰ কথা বুলি মন্তব্য কৰে শিল্পীসকলে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে উত্তৰ প্ৰদেশৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সংগীত জগতৰ গৱেষক পণ্ডিত, সাধক, শিল্পী, সাধু-সন্ত উপস্থিত থাকে এই অনুষ্ঠানত ।

উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলটোত আছে প্ৰতিদিন টাইমৰ মাজুলীৰ সাংবাদিক তথা শিল্পী তীৰ্থ ভূঞা, পৰিচালক ভৱেন বৰবায়ন, উপেন বৰগায়ন, কৃষ্ণ কুমাৰ শইকীয়া, দীপক বৰুৱা, গোবিন্দ কলিতা, নিৰঞ্জন বৰবায়ন, কৃষ্ণ শইকীয়া, ৰঞ্জন হাজৰিকা, সৰ্বানন্দ দুৱৰীয়া, পবিত্ৰ গায়ন, অজিত বায়ন, বিশ্বজিৎ বায়ন, পৰমানন্দ গায়ন । এই সাংস্কৃতিক যাত্ৰাৰ সমন্বয়ক হিচাপে আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ড৹ অনুশব্দ ।

উল্লেখ্য যে, ক'ভিড-১৯ মহামাৰীয়ে সমগ্ৰ মানৱ জাতিলৈ ভয়াৱহ সংকট অনাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনকো যথেষ্ট প্ৰভাৱিত কৰিছে । আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে শিল্পীসকলে । পৰিস্থিতি অনুকুল হোৱা নাই যদিও সাৱধনতা অৱলম্বন কৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে অযোধ্যাত । মাজুলীৰ শিল্পীসকলে শ্ৰীৰামৰ জন্মভূমিত 'ৰামবিজয়' নাট পৰিৱেশন কৰি আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক : শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.