ETV Bharat / state

PMAY scheme: পকী ঘৰ এটা লাগে; নন্দৰ নামত অহা ঘৰটো তালিকাৰ পৰা নোহোৱা হ’ল হঠাৎ

author img

By

Published : Jul 27, 2023, 12:03 PM IST

মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিলাকলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ ৷ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ব্যক্তিয়ে লাভ কৰিও পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ৷

Allegation of Irregularities in PMAY House
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত দৰিদ্ৰ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ

মাজুলী, 27 জুলাই : মাজুলী জিলাৰ মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিলাকলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়টোৰ অন্তৰ্গত এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ব্যক্তিয়ে কাগজে-কলমে লাভ কৰিও পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ৷

চিলাকলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ এগৰাকী দৰিদ্ৰ ব্যক্তি হৈছে নন্দ হাজৰিকা ৷ যিজন ব্যক্তিয়ে দীৰ্ঘদিনে বৃদ্ধা মাতৃৰ সৈতে বাস কৰি আহিছে এটি ভগা জুপুৰীত ৷ ৰাতি হ’লে ঘৰ চালৰ বিন্ধাইদি দেখে আকাশৰ জোন-তৰা ৷ বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা এটা গৃহ লাভ কৰিছিল নন্দ হাজৰিকায়ো ৷ চৰকাৰী ঘৰ লাভ কৰিছে বুলি চিলাকলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ মেম্বাৰগৰাকীয়ে জানিবলৈ দিয়ে নন্দ হাজৰিকাক ৷

ঘৰ লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰা নন্দ হাজৰিকা পঞ্চায়তলৈ যায় যদিও পঞ্চায়ত কৰ্তৃপক্ষই ঘৰটো তালিকাৰ পৰা আঁতৰাই দিয়া বুলি কয় ৷ জানিব পৰা মতে, পঞ্চায়ত কৰ্তৃপক্ষৰ মতে চাৰ্ভে কৰাৰ সময়ত নন্দ হাজৰিকাৰ ঘৰতো পকী ঘৰ বুলি তথ্য দিয়াৰ বাবে বৰ্তমানলৈকে লাভ কৰা নাই ঘৰ ৷ যাৰ বাবে গৃহ বঞ্চিত নন্দ হাজৰিকাই মাজুলী খণ্ড উন্নয়ন বিষয়াগৰাকীক ঘৰ লাভ নকৰা সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰে ৷

কিন্তু দুমাহ পাৰ হৈ যোৱাৰ পিছতো মাজুলী খণ্ড উন্নয়ন বিষয়া গৰাকীৰ পৰা সূদুত্তৰ নাপায় মাজুলী জিলা আয়ুক্তৰ ওচৰত পত্ৰ প্ৰদান কৰে ব্যক্তিজনে ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰাও কোনো সূদুত্তৰ নাপাই মাজুলী বালিচাপৰি আৰক্ষী চকীত চিলাকলা গাঁও পঞ্চায়তৰ সভাপতি, পঞ্চায়ত সচিব আৰু 8 নং ৱাৰ্ডৰ মেম্বাৰগৰাকীৰ ওপৰত এখন এজাহাৰ দাখিল কৰে নন্দ হাজৰিকাই ৷ কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো সমাধান সূত্ৰ পোৱা নাই তেওঁ ৷

ইয়াৰ পাছতে উপায়ন্তৰ হৈ নন্দ হাজৰিকা কাষ চাপিল সংবাদ মাধ্যমৰ ৷ সংবাদ মাধ্যমৰ জড়িয়তে নন্দ হাজৰিকাৰ মাতৃৰ চৰকাৰলৈ কাতৰ আহ্বান "আমি বৰষুণ পৰা ঘৰত আছোঁ, আমাক এটা পকী ঘৰ দিয়ক ৷"

লগতে পঢ়ক : Minister Ranjeet Kumar Dass: খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.