ETV Bharat / state

Majuli teachers Transfer: এগৰাকী শিক্ষকৰ বদলিয়ে কন্দুৱালে মাজুলীৰ এটা অঞ্চলক

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 7:26 PM IST

MORI SUTI LP school majuli
৯৮ নং মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ

মাজুলীৰ এখন বিদ্যালয়ৰ দৃশ্যই আপোনাৰো চকু সেমেকাই তুলিব ৷ বিদ্যালয়খনৰ প্ৰিয় শিক্ষকগৰাকী বদলি হোৱাৰ শোকত ভাগি পৰিল সমগ্ৰ অঞ্চলটোৰ ৰাইজ ৷ ছাত্ৰ-ছাত্ৰীৰ পৰা অভিভাৱকলৈকে সকলোৱে সিক্ত চকুৰে শিক্ষকগৰাকীক জনালে বিদায় ৷

৯৮ নং মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ

মাজুলী, 12 জুলাই : যাওঁ বুলি ক’লেই যেন যাবলৈ দিব নোৱাৰে তেওঁক ৷ জ্ঞান বিলাই ভালপোৱা লোকজনক ভালপোৱাৰ ডোলেৰে বান্ধি পেলালে অঞ্চলটোৰ লোকসলকলে ৷ কি শিক্ষক, কি ছাত্ৰ-ছাত্ৰী, কি স্থানীয় লোক; সকলোৰে চকুত এতিয়া কেৱল চকুলো ৷ বুকুৱে বুকুৱে যেন বলি আছে এজাক ধুমুকা ৷ কাৰণ বিদ্যালয়খনৰ পৰা যাবলৈ ওলাইছে শৰৎ ছাৰ ৷ শৰৎ ছাৰৰ বিদায়ৰ মুহূৰ্তই শোকাকুল কৰিলে মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ চৌদিশ ৷

দৃশ্যটোৱে আপোনাকো কৰিব আৱেগিক ৷ যিদৰে শৰৎ ছাৰক বিদায় দিয়াৰ পৰত চকুলোৰে বাট নেদেখা হ’ল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভ‍াৱক আৰু আন শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷ দৃশ্যটো উজনী মাজুলীৰ ৯৮ নং মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক শৰৎ দাসক মাজুলীৰ শিক্ষা বিভাগে যোৱা শনিবাৰে ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰে । ২০১৯ চনৰপৰা পৰা মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰা ঢকুৱাখনাৰ শিক্ষক শৰৎ দাস বিদ্যালয়খনৰ অতি প্ৰিয় শিক্ষক আছিল ।

ছাত্ৰ-ছাত্ৰী, সহকৰ্মী, অভিভাৱক, স্থানীয় ৰাইজৰ মাজত প্ৰিয়ভাজন শৰৎ দাসে মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ পৰা বিদায় ল’বলৈ শনিবাৰে পুৱা বিদ্যালয়খনত উপস্থিত হোৱাৰ লগে লগেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শৰৎ দাসে চিঞৰি চিঞৰি কান্দি সমগ্ৰ পৰিৱেশ শোকাকুল কৰি তোলে । বিদ্যালয়খনৰ এজন প্ৰিয় শিক্ষাগুৰুৰ বদলিক সহজে মানি ল’ব নোৱৰা ছাত্ৰ-ছাত্ৰীসকলে হিয়া ঢাকুৰি কন্দা দেখা গ’ল ।

শিক্ষক শৰৎ দাসে বিদায় সভাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু উপস্থিত ৰাইজৰ ওচৰত আঁঠুকাঢ়ি সেৱা লৈ বিদায় লোৱাৰ পৰত সকলোৰে চকুত দেখা পোৱা গ'ল কেৱল চকুপানী । কান্দি কান্দি বহুতো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক শৰৎ দাসক ফুলাম গামোচা পিন্ধাই আৱেগিক হৈ পৰে ৷ উল্লেখ্য যে, শৰৎ দাসে ছাত্ৰ-ছাত্ৰীসকলক কেৱল আনুষ্ঠানিক শিক্ষাই প্ৰদান কৰা নাছিল, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সাংস্কৃতিক আৰু সামাজিক দিশতো আগবাঢ়ি যোৱাত সহায় কৰিছিল ।

সকলোৰে বুকুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা শিক্ষক শৰৎ দাসে বিদ্যালয়খনৰ পৰা বিদায় লোৱা মুহূৰ্তত ক’লে, ‘‘ সঁচা অৰ্থত প্ৰকৃত মানুহ আছে মাজুলীত’’ ৷ এটা গাৰু, এখন আঁঠুৱা আৰু এখন বেড ক’ভাৰ লৈ মাজুলীত উপস্থিত হোৱা শিক্ষকজনে মাজুলীৰ পৰা লৈ গ’ল এসাগৰ ভালপোৱা ৷

লগতে পঢ়ক : No Electricity Area in Majuli : ডিজেল-মিঠাতেলৰ চাকিৰ পোহৰতে কটাইছে বিজেপিৰ অচ্ছে দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.