ETV Bharat / state

Death anniversary of Takab ch medok : ন্যাসৰ উদ্যোগত পালিত প্ৰয়াত শিক্ষাবিদ টাকাৱ চন্দ্ৰ মেদক স্মৃতিচাৰণ সভা

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 7:24 AM IST

টাকাৱ চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত প্ৰয়াত শিক্ষাবিদগৰাকীৰ স্মৃতিচাৰণ সভা সম্পন্ন ৷ টাকাৱ চন্দ্ৰ মেদক সোঁৱৰণী কৃতী ছাত্ৰ বঁটা লগতে বিশিষ্ট নাগৰিক-শিক্ষাবিদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে শতাধিক স্থানীয় লোকে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ৷

23 rd death anniversary of Takab ch medok observed in Jonai
শিক্ষাবিদ টাকাৱ চন্দ্ৰ মেদক স্মৃতিচাৰণ সভা

শিক্ষাবিদ টাকাৱ চন্দ্ৰ মেদক স্মৃতিচাৰণ সভা

জোনাই, 3 নৱেম্বৰ : বৃহস্পতিবাৰে জোনাইত আয়োজন কৰা হয় ঐতিহ্যমণ্ডিত জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বিশিষ্ট শিক্ষাবিদ তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাৱ চন্দ্ৰ মেদকৰ মৃত্যু বার্ষিকী ৷ টাকাৱ চন্দ্ৰ মেদকৰ 23 সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে টাকাৱ চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ সভা ৷

অনুষ্ঠানত প্ৰয়াত টাকাৱ চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন, শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পিচতে পালন কৰা হয় প্ৰাৰ্থনা অনুষ্ঠান ৷ অঞ্জনা টায়ুং শইকীয়াই সঞ্চালনা কৰা স্মৃতিচাৰণ আৰু সম্বৰ্ধনা সভাৰ সভাপতিত্বত কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ তথা টাকাৱ চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি ড৹ ৰাজেশ্বৰ পেগুৱে ৷

অতিৰিক্ত আয়ুক্ত জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে শুভ উদ্বোধন কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ সাংবাদিক তথা টাকাৱ চন্দ্ৰ মেদকৰ ন্যাসৰ সম্পাদক ৰয়েল পেগুৱে ৷ ইয়াৰ পিচতে টাকাৱ চন্দ্ৰ মেদকৰ ন্যাসৰ মুখ্য পৃষ্টপোষক হৰিপ্ৰসাদ মিলিয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কমলা কান্ত বড়ি ৷

বড়িয়ে প্ৰয়াত টাকাৱ চন্দ্ৰ মেদকৰ শিক্ষা আৰু কৰ্মজীৱন সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ লগতে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ন্যাসে এগৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আগবঢ়ায় মানপত্ৰ আৰু আৰ্থিক সাহায্য ৷ কৰ্ণাটকত অধ্যয়ন কৰি থকা NIT চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ ধ্ৰুৱজ্যোতি মেদকক প্ৰদান কৰা হয় এই বঁটা ৷

সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট নাগৰিক-শিক্ষাবিদ ডেকপাম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মানিক পাতিৰ, চমকং মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন চন্দ্ৰ পামেক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ স্মৃতিচাৰণ অনুষ্ঠানটোত বহু বিশিষ্ট লোকৰ লগতে কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে শতাধিক স্থানীয় লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: AAP Protest in Nalbari: আপক বিপদত পেলাবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আপ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.