ETV Bharat / state

হত্যাকাৰীৰ ফাঁচীৰ দাবীত নাৰায়ণপুৰৰ মাজমজিয়াত মহিলাৰ প্ৰতিবাদ

author img

By

Published : Oct 6, 2020, 5:42 PM IST

ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে বৰদেউতাক দিনাৰাম ফুকনক আটক কৰি নিজৰ জিম্মাত লৈ সোধা-পোচা অব্যাহত ৰাখিছে ৷ কিন্তু বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ইপিনে, জালুককটা গাঁৱত প্ৰশাসনে ১৪৪ ধাৰা অব্যাহত ৰাখিছে ৷

Women protests in Narayanpur for demanding execution of killer
হত্যাকাৰীৰ ফাঁচীৰ দাবীত নাৰায়ণপুৰৰ মাজমজিয়াত মহিলাৰ প্ৰতিবাদ

বিহপুৰীয়া,6 অক্টোবৰঃ নাৰায়ণপুৰৰ জালুককতা গাঁৱত সংঘটিত মাতৃ-কন্যাৰ ৰহস্যজনক হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত নাৰায়ণপুৰৰ মাজমজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ মহিলাই ৷ নাৰায়ণপুৰ আঞ্চলিক নাৰী অধিকাৰ সুৰক্ষা সমিতিৰ সহযোগত প্ৰতিবাদকাৰী মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও নাৰায়ণপুৰ আৰক্ষী থানা ঘেৰাও কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ অভিযুক্ত দিনাৰাম ফুকনে পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত কৰিছে ৷

হত্যাকাৰীৰ ফাঁচীৰ দাবীত নাৰায়ণপুৰৰ মাজমজিয়াত মহিলাৰ প্ৰতিবাদ

উল্লেখযোগ্য যে,ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে বৰদেউতাক দিনাৰাম ফুকনক আটক কৰি নিজৰ জিম্মাত লৈ সোধা-পোচা অব্যাহত ৰাখিছে ৷ কিন্তু বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ইপিনে, জালুককটা গাঁৱত প্ৰশাসনে ১৪৪ ধাৰা অব্যাহত ৰাখিছে ৷ তদুপৰি উত্তেজিত জনতাই অভিযুক্ত দিনাৰাম ফুকনৰ বাসগৃহ পুনৰ ক্ষতিসাধন কৰাৰ আশংকাত প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে ৷

আনহাতে, মঙলবাৰে হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদস্থলীৰ পৰাই অভিযুক্তক ফাঁচীৰ দাবীত নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি গড়কাপ্তানী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.