ETV Bharat / state

লখিমপুৰত ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন তাপমান

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 12:10 PM IST

WEATHER FORECAST IN lakhimpur
লখিমপুৰত ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন তাপমান

প্ৰচণ্ড শীতৰ কবলত লখিমপুৰ জিলা । চলিত জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে তাপমাত্রা নিম্নগামী হৈ আছে জিলাখনত । আনকি ৰাজ্যৰ ভিতৰতে পাৰাস্তম্ভ সৰ্বনিম্ন লখিমপুৰ জিলাত ।

প্ৰচণ্ড শীতৰ কবলত লখিমপুৰ জিলা

লখিমপুৰ, 14 জানুৱাৰী: ঠেঁটুৱৈ লগা শীত লখিমপুৰত । পাৰাস্তম্ভ নামিছে 6.4 ডিগ্ৰী চেলচিয়াছলৈ । ঠেটুৱৈ লগা শীতত কোঙা হৈ পৰিছে লখিমপুৰ জিলা। যোৱা দুদিন মানৰ পৰা প্ৰচণ্ড শীতে কোবাই গৈছে জিলাখন । ৰাজ্যৰ আন জিলাতকৈ তললৈ নামিছে পাৰাস্তম্ভ । নিতৌ ঘন কুঁৱলীৰ আস্বাদন দেখিবলৈ পোৱা গৈছে ।

জিলাখনত 12 জানুৱাৰীৰ দিনা সৰ্বনিম্ন তাপমান আছিল 6.4 ডিগ্রী চেলচিয়াছ । লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ বতৰ বিজ্ঞান কেন্দ্রই প্ৰকাশ কৰিছে এই তথ্য । কেন্দ্রটোৰ পৰা পোৱা তথ্য মতে, 11 জানুৱাৰীৰ দিনটোত জিলাখনৰ তাপমান আছিল 6.5 ডিগ্রী চেলচিয়াছ । 13 জানুৱাৰীত 7.4 আৰু আজি দেওবাৰৰ দিনটোত পাৰাস্তম্ভ হয় 7.2 ডিগ্রী চেলচিয়াছ ।

WEATHER FORECAST IN lakhimpur
প্ৰচণ্ড শীতৰ কবলত লখিমপুৰ জিলা

সেইদৰে যোৱা 10 জানুৱাৰীত 8.6 ডিগ্রী চেলচিয়াছ, 9 জানুৱাৰীত 6.8 ডিগ্রী চেলচিয়াছ, 8 জানুৱাৰীত 6.8 ডিগ্ৰী চেলচিয়াছ, 7 জানুৱাৰীত 8.9 ডিগ্রী চেলচিয়াছ আৰু 6 জানুৱাৰীত জিলাখনৰ তাপমান আছিল 7.6 ডিগ্রী চেলচিয়াছ । চলিত জানুৱাৰী মাহটোত এই পৰ্যন্ত জিলাখনৰ তাপমান সৰ্বনিম্ন 6.4 ডিগ্রী চেলচিয়াছলৈ নামে । বিগত কেইবছৰমানৰ জিলাখনৰ সৰ্বনিম্ন তাপমানৰ তথ্য লক্ষ্য কৰিলে দেখা যায় যে 2023 বৰ্ষৰ 29 জানুৱাৰীত 5.7 ডিগ্রী চেলচিয়াছ, 2021 বৰ্ষৰ 4 জানুৱাৰীত 5.1 ডিগ্রী চেলচিয়াছ, 2020 বৰ্ষৰ 31 জানুৱাৰীত 5.2 ডিগ্রী চেলচিয়াছ, 2019 বৰ্ষৰ 31 জানুৱাৰীত 5.7 ডিগ্রী চেলচিয়াছ আৰু 2018 বৰ্ষৰ 31 ডিচেম্বৰত জিলাখনৰ সৰ্বনিম্ন তাপমান আছিল 7.1 ডিগ্রী চেলচিয়াছ ।

যোৱা 30 বছৰৰ সমীক্ষা মতে, জিলাখনৰ সৰ্বনিম্ন তাপমানৰ গড় আছিল 5.6 ডিগ্রী চেলচিয়াছ । উল্লেখ্য যে, 1954 চনত স্থাপিত লীলাবাৰী বিমান বন্দৰৰ বতৰ বিজ্ঞান কেন্দ্রৰ পৰা প্ৰাপ্ত তথ্য মতে 1956 চনত জিলাখনত তাপমাত্রা সৰ্বনিম্ন আছিল । সেই বছৰৰ জানুৱাৰী মাহত জিলাখনৰ তাপমাত্রা 2.7 ডিগ্রী চেলচিয়াছলৈ নামে ।

ৰাজ্যৰ অন্য জিলাৰ লগতে শীতে কোবাই থকা শ্বিলঙতকৈয়ো লখিমপুৰত দুদিন তাপমান সৰ্বনিম্ন হয় । ফলত ঠেঁতুৱৈ লগা জাৰত ৰাইজ কোঙা হৈ পৰিছে । জুইৰ উম লৈ শীতৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা চলাইছে ৰাইজে ।

লগতে পঢ়ক: গুৱাহাটীৰ সৰ্বনিম্ন তাপমান ১১ ডিগ্রীলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.