আলফা চৰকাৰৰ আলোচনাত কি ভূমিকা ল’ব শৃংখল চলিহাই ?

author img

By

Published : Nov 18, 2021, 3:57 PM IST

veer-lachit-sena-chief-srinkhal-salihas-request-to-paresh-barua

পুনৰ প্ৰাণ পাই উঠিছে আলফা আৰু চৰকাৰৰ আলোচনাৰ বিষয়টোৱে ৷ এনে সময়তে, পাঁচ গৰাকীকৈ অসম জীয়ৰীয়ে আলফা স্বাধীনত যোগ দিয়াৰ খবৰে উত্তাল কৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ এই সময়তে আলফাৰ সভাপতি পৰেশ অসমক আলোচনালৈ আহ্বান জনাই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই কৰিলে বিশেষ মন্তব্য ।

লখিমপুৰ, ১৮ নবেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই আসনত অধিস্থিত হোৱাৰে পৰা আলফা আৰু চৰকাৰৰ আলোচনাৰ বিষয়টোৱে পুনৰ প্ৰাণ পাই উঠিছে ৷ এই আলোচনালৈ সদিচ্ছাৰ ভাৱ দেখুৱাইছে আলফা স্বাধীনৰ সভাপতি পৰেশ অসমেও ৷ কিন্তু, শেহতীয়াকৈ পাঁচ গৰাকীকৈ অসমৰ জীয়ৰীয়ে আলফা স্বাধীনত যোগ দিয়াৰ খবৰে উত্তাল কৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ এনে সময়তে এই সম্ভাব্য আলোচনাৰ দিশটো এতিয়া কেনে অৱস্থাত আছে, তাকলৈয়ো উদ্ভৱ হৈছে প্ৰশ্ন ৷

এই সময়তে বৃহস্পতিবাৰে লখিমপুৰত পৰেশ বৰুৱাক আলোচনালৈ আহ্বান জনালে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই । আনকি, আলোচনাৰ বাবে বাবে সকলো ধৰনৰ সহায় কৰিবলৈ লাচিত সেনা প্ৰস্তুত বুলিও মন্তব্য কৰিছে চলিহাই । আলফা স্বাধীনত যোগ দিয়া বুলি আলোচিত হোৱা পাঁচ গৰাকী যুৱতীৰ প্ৰসংগ উত্থাপন কৰি আলফাৰে আলোচনা কৰাত চৰকাৰৰ সদিচ্ছা নাই বুলি অভিযোগ কৰে চলিহাই ৷

আলফা চৰকাৰৰ আলোচনাত কি ভূমিকা ল’ব শৃংখল চলিহাই ?

চলিহাই পুনৰ কয় যে, যেতিয়ালৈকে আলোচনা নহ’ব, তেতিয়ালৈকে আলফালৈ ৰাজ্যৰ যুৱক যুৱতী গৈয়েই থাকিব । বড়ো সকলৰ উদাহৰণ দাঙি ধৰি তেওঁলোকৰ দৰে আলোচনালৈ আহি পৰেশ অসমকো প্ৰাপ্য আঁজুৰি আনিবলৈ আহ্বান জনায় শৃংখল চলিহাই ।

ইয়াৰোপৰি, ৰাজ্যত চলি থকা ভাষাৰ সংঘাটৰ বিষয় উত্থাপন কৰি অসমীয়া ভাষাৰ ওপৰত হোৱা কোনো ধৰণৰ আক্ৰমণ সহ্য কৰা নহ’ব বুলি পুনৰ হুংকাৰ দিয়ে শৃংখল চলিহাই । ব্ৰহ্মপুত্ৰ উপত্যকাত ইতিমধ্যে বাংলা ভাষাত লিখা ফলক সমূহত বীৰ লাচিত সেনাই ক’লা ৰং সানি দিয়াৰ কাম কৰিছে বুলি প্ৰকাশ কৰে তেওঁ ৷ তেওঁ কয় যে, আমাৰ ভাষাৰ ওপৰত আক্ৰমণ হলে প্ৰত্যাক্ৰমণো কৰা হ’ব ।

লগতে পঢ়ক : CM in Majuli : ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰকাৰী লৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.