ETV Bharat / state

Two persons detained with drugs:লখিমপুৰত নিশা ড্ৰাগছ সহ দুজনক আটক

author img

By

Published : May 30, 2023, 11:03 AM IST

নকল সোণ, জালনোট, ড্ৰাগছৰ বিৰুদ্ধে তীব্র অভিযান চলি আছে লখিমপুৰ জিলাত । দুদিন পূৰ্বে জিলাখনৰ নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পাচত সোমবাৰে নিশা পুনৰ আৰক্ষীয়ে ড্ৰাগছসহ দুজনক আটক কৰিবলৈ সক্ষম হয় (Drugs seized in Lakhimpur) ।

Drugs seized in lakhimpur
ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছ সহ দুজনক আটক

লখিমপুৰ, ৩০ মে’ : যি সময়ত লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ হুংকাৰত থৰথৰ কঁপিছে অপৰাধী চক্ৰ, সেই সময়তো কিন্তু একাংশই কেৰেপ কৰা নাই আৰক্ষীক । আৰক্ষী অধীক্ষক গৰাকীৰ ধমকতে থৰকাচুতি হেৰুৱাই নিতৌ বহু অপৰাধীয়ে থানাই থানাই আত্মসমর্পণ কৰি প্ৰাণ ৰক্ষাৰ যত্ন কৰিছে ৷ কিন্তু সেই সময়তে আনন্দ মিশ্ৰক বুঢ়া আঙুলি দেখুৱাই একাংশই চলাই গৈছে ড্ৰাগছৰ ভয়ংকৰ বেহা (Drugs seized in Lakhimpur) ।

Drugs seized in lakhimpur
ড্ৰাগছ সহ দুজনক আটক

নকল সোণ, জাল নোট, ড্ৰাগছ আদিৰ অভিকেন্দ্ৰত পৰিণত হোৱা লখিমপুৰ জিলাৰ ভয়ংকৰ পৰিস্থিতি উদঙাই দিছিল এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই । দীৰ্ঘদিন ধৰি একাংশ আৰক্ষী বিষয়াৰ সহযোগত চলি থকা এই ভয়ংকৰ বেহাৰ গভীৰতাৰ বিষয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাচতহে কথাবোৰ পোহৰলৈ আহে । এনে ভয়াৱহ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ এনকাউন্টাৰ স্পেচিয়েলিষ্ট ৰূপে খ্যাত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ততাতৈয়াকৈ লখিমপুৰত নিয়োগ কৰা হয় । মিশ্ৰই জিলাখনত দায়িত্ব লৈয়েই নকল সোণ, জালনোট, আৰু ড্ৰাগছৰ বেহাৰ লগত জড়িত সকলক আইনৰ গণ্ডীলৈ আহিবলৈ হুংকাৰ দিয়ে (Two persons detained with drugs in Lakhimpur) । তেওঁৰ এই হুংকাৰত কঁপনি উঠে অপৰাধ সাম্ৰাজ্যৰ খলনায়কসকলৰ মাজত । হুংকাৰৰ পিচতেই নিতৌ এনে অপৰাধজনিত কাম কাজত জড়িত বহুতে আত্মসমর্পণ কৰিবলৈ হেতাওপৰা লগাইছে ।

আনন্দ মিশ্ৰই জিলাখনত শক্তিশালী ৰূপত অভিযান চলাই নিকা কৰিবলৈ দিবা নৈশ যত্ন কৰি আছে যদিও তেওঁৰ দৰে দক্ষ তথা শক্তিশালী আৰক্ষী অধীক্ষকৰ প্ৰতি কেৰেপ কৰা নাই একাংশ লোকে । আনন্দ মিশ্ৰৰ হুংকাৰৰ পাচতো নিৰ্বিবাদে চলাই গৈছে অপৰাধমূলক কাম-কাজ ৷ সোমবাৰে নিশা এনেদৰে ড্ৰাগছৰ সৰবৰাহ কৰা অৱস্থাতে জিলা খনৰ বান্দৰদেৱা এলেকাত দুই লোক আৰক্ষীৰ জালত পৰে । সোমবাৰে নিশা এক অভিযান চলাই আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত দুজনক আটক কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী (Two persons detained with drugs) । ধৃত দুজন হ’ল বান্দৰদেৱাৰ ফাইভ বাই ৱানৰ নিৱাসী টাই ডাদুম আৰু মমি ডাদুম । তেওঁলোকে ড্ৰাগছ লৈ অহা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে । সম্প্ৰতি তেওঁলোকক বান্দৰদেৱা আৰক্ষী চকীত সোধপোচ কৰি থকা হৈছে । জিলাখনত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অভিযান চলাই থকাৰ মাজতে একাংশই এনেদৰে অবৈধ বেহা চলাবলৈ মৰসাহ কৰাটো মন কৰিবলগীয়া ।

লগতে পঢ়ক : Fake gold racket in Assam: ডেৰ শতাধিক নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ; শীৰ্ষত লখিমপুৰ জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.