ETV Bharat / state

বহিঃৰাজ্যত মৃত্যু এজন অসমৰ যুৱক !

author img

By

Published : Feb 9, 2020, 2:39 AM IST

বহিঃৰাজ্যত কাম বিছাৰি গৈ মৃত্যুক সাৱটি ল’লে অসমৰ এজন যুৱকে । দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ কৰনোল জিলাৰ এটা ষ্টেচনত উদ্ধাৰ মৃতদেহ ৷

বহিঃৰাজ্যত মৃত্যু এজন অসমৰ যুৱক !
বহিঃৰাজ্যত মৃত্যু এজন অসমৰ যুৱক !

বিহপুৰীয়া, 9 ফেব্ৰুৱাৰীঃ আৰ্থিক অনাটনৰ বাবে বহিঃৰাজ্যত কাম বিছাৰি গৈ মৃত্যুক সাৱটি ল’লে অসমৰ এজন যুৱকে ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং তাতিবাহাৰৰ পিছলা বঙালী গাঁৱৰ সোনেশ্বৰ চবৰৰ পুত্ৰ টুনটুন চবৰে পাঁচ দিন পূৰ্বে গোৱালৈ কোম্পানীত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ।

শনিবাৰলৈকে পৰিয়ালৰ সৈতে ফোনত ঠিকেই কথা বতৰা পাতি থকা টুনটুন চবৰৰ দেওবাৰে পুৱা হঠাৎ অন্ধ্ৰপ্ৰদেশৰ কৰনোল জিলাৰ এটা ষ্টেচনত মৃত্যু হোৱা বুলি খবৰ লাভ কৰে পৰিয়ালে ।

জানিব পৰা মতে, ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনক ১০৮ ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল যদিও কিছু সময়ৰ পাচতেই মৃত্যু হয় যুৱকজনৰ । কিন্তু ৰহস্যজনক ভাৱে টুনটুনৰ লগত গোৱালৈ বুলি একেলগে যোৱা মহেন্দ্ৰ চবৰ নামৰ যুৱকজনৰ ম’বাইল ফোন বৰ্তমানলৈকে বন্ধ হৈ আছে ।

টুবহিঃৰাজ্যত মৃত্যু টুনটুন চবৰৰ

স্নাতক প্ৰথম বৰ্ষলৈ পঢ়া-শুনা কৰা টুনটুনে আৰ্থিক অনাটনৰ বাবেই কাম বিছাৰি গোৱালৈ বুলি ওলাই গৈছিল ৷ পৰিয়ালৰ সন্দেহ কোনোবাই মাৰপিট কৰি ৰে’লৰ পৰা পেলাই দিছে টুনটুনক ।

দুৰ্ভগীয়া পৰিয়ালটোৱে ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক অতি সোনকালে চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পুত্ৰৰ মৃতদেহটো নিজ গৃহলৈ আনি দিবৰ বাবে আহ্বান জনাই চৰকাৰ তথা প্ৰশাসনক ৷

Intro:আৰ্থিক অনাটনৰ বাবে বহিঃৰাজ্যত কাম বিছাৰি গৈ মৃত্যুক সাৱটি ললে অসমৰ এজন যুৱকে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং তাতিবাহাৰৰ পিছলা বঙালী গাঁৱৰ সোনেশ্বৰ চবৰৰ পুত্ৰ টুনটুন চবৰে আজি পাঁচ দিন পূৰ্বে গোৱালৈ কোম্পানীত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। কালিলৈকে পৰিয়ালৰ লগত ফোন যোগে কথা বতৰা চলি থকা টুনটুন চবৰৰ আজি পুৱা মৃত্যু হয় অন্ধ্ৰপ্ৰদেশৰ কৰনোল জিলাৰ এটা ষ্টেচনত। প্ৰাপ্ত তথ্য মতে পুৱা ৰেল বিভাগৰ কৰ্মচাৰীয়ে আঘাট প্ৰাপ্ত অৱস্থাত টুনটুন পাই ১০৮ ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল যদিও কিছু মুহূৰ্তৰ পিছতে তেওঁৰ মৃত্যু হয়। আচৰ্যজনজনক ভাৱে টুনটুনৰ লগত গোৱালৈ বুলি একেলগে যোৱা মহেন্দ্ৰ চবৰ নামৰ যুৱক জনৰ মোবাইল বৰ্তমান বন্ধ। স্নাতক প্ৰথম বৰ্ষত পঢ়ি থকা টুনটুনে আৰ্থিক অনাটনৰ বাবেই কাম বিছাৰি ওলাই যোৱা বুলি সদৰি কৰে পৰিয়ালে। পৰিয়ালৰ সন্দেহ কোনোবাই মাৰ পিট কৰি ট্ৰেইনৰ পৰা পেলাই দিছে টুনটুনক। সেয়েহে চৰকাৰ প্ৰশাসনক উচিত তদন্তৰ জৰিয়তে দোষীক চিনাক্ত কৰি শাস্তি দিয়াৰ লগতে তেওঁৰ মৃতদেহটো নিজ গৃহলৈ আনি দিবৰ বাবে আহ্বান জনায় পৰিয়ালে।Body:আৰ্থিক অনাটনৰ বাবে বহিঃৰাজ্যত কাম বিছাৰি গৈ মৃত্যুক সাৱটি ললে অসমৰ এজন যুৱকে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং তাতিবাহাৰৰ পিছলা বঙালী গাঁৱৰ সোনেশ্বৰ চবৰৰ পুত্ৰ টুনটুন চবৰে আজি পাঁচ দিন পূৰ্বে গোৱালৈ কোম্পানীত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। কালিলৈকে পৰিয়ালৰ লগত ফোন যোগে কথা বতৰা চলি থকা টুনটুন চবৰৰ আজি পুৱা মৃত্যু হয় অন্ধ্ৰপ্ৰদেশৰ কৰনোল জিলাৰ এটা ষ্টেচনত। প্ৰাপ্ত তথ্য মতে পুৱা ৰেল বিভাগৰ কৰ্মচাৰীয়ে আঘাট প্ৰাপ্ত অৱস্থাত টুনটুন পাই ১০৮ ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল যদিও কিছু মুহূৰ্তৰ পিছতে তেওঁৰ মৃত্যু হয়। আচৰ্যজনজনক ভাৱে টুনটুনৰ লগত গোৱালৈ বুলি একেলগে যোৱা মহেন্দ্ৰ চবৰ নামৰ যুৱক জনৰ মোবাইল বৰ্তমান বন্ধ। স্নাতক প্ৰথম বৰ্ষত পঢ়ি থকা টুনটুনে আৰ্থিক অনাটনৰ বাবেই কাম বিছাৰি ওলাই যোৱা বুলি সদৰি কৰে পৰিয়ালে। পৰিয়ালৰ সন্দেহ কোনোবাই মাৰ পিট কৰি ট্ৰেইনৰ পৰা পেলাই দিছে টুনটুনক। সেয়েহে চৰকাৰ প্ৰশাসনক উচিত তদন্তৰ জৰিয়তে দোষীক চিনাক্ত কৰি শাস্তি দিয়াৰ লগতে তেওঁৰ মৃতদেহটো নিজ গৃহলৈ আনি দিবৰ বাবে আহ্বান জনায় পৰিয়ালে।Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.