ETV Bharat / state

TMMPK on Maipur issue: কেৱল দুগৰাকী নাৰীক নহয় হাজাৰ হাজাৰ নাৰীক উলংগ কৰা হ’ল; TMMK

author img

By

Published : Jul 22, 2023, 5:16 PM IST

TMMPK Press Meet
কেৱল দুগৰাকী নাৰীক নহয় হাজাৰ হাজাৰ নাৰীক উলংগ কৰা হ’ল

মণিপুৰৰ ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷ মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰে টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ সদৌ মিচিং মহিলা সংস্থাই । ‘এইয়া কেৱল দুগৰাকী নাৰীক নহয় । হাজাৰ হাজাৰ নাৰীক ধৰ্ষণ কৰা হ’ল । হাজাৰ নাৰীক উলংগ কৰা হ’ল।’

কেৱল দুগৰাকী নাৰীক নহয় হাজাৰ হাজাৰ নাৰীক উলংগ কৰা হ’ল

লখিমপুৰ,২২ জুলাই: মণিপুৰত উন্মত্ত একাংশ লোকৰ জঘন্য কাণ্ডই সমগ্ৰ দেশ কঁপাই গ’ল ৷ আজিও সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ লখিমপুৰত শনিবাৰে সংবাদমেলৰ জৰিয়তে মণিপুৰত সংঘটিত ঘটনাৰ প্রতিক্রিয়া প্ৰকাশ কৰে টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ সদৌ মিচিং মহিলা সংস্থাই ।

‘‘ভাৰত বিশ্বৰ একমাত্ৰ দেশত য’ত দেৱীক পূজা কৰা হয়, সেইখন দেশত মহিলাক ধৰ্ষণ কৰি উলংগ কৰি সমদল কৰা হ’ল । বেটি বচাও, বেটি পঢ়াওৰ শ্লোগান দিয়া এইখন চৰকাৰৰ দিনতে মহিলাৰ এই অৱস্থা । এইয়া কেৱল দুগৰাকী নাৰীক নহয় । হাজাৰ হাজাৰ নাৰীক ধৰ্ষণ কৰা হ’ল । হাজাৰ নাৰীক উলংগ কৰা হ’ল ।’’ এইদৰে সংবাদমেলত মণিপুৰৰ ঘটনাক লৈ সৰব হ’ল টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ সদৌ মিচিং মহিলা সংস্থাই ।

‘‘মণিপুৰত হিংসা-প্রতিহিংসা, হত্যা, লুণ্ঠন, ধৰ্ষণৰ দৰে জঘন্য ঘটনাই মণিপুৰক মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰিত কৰিছে ৷ আসুৰিক তৃপ্তি লাভ কৰা মানৱৰূপী দানৱ কেইটাৰ বাবে আজি কেৱল নাৰী সমাজকে নহয় সমগ্র সভ্য সমাজক লজ্জানত কৰিছে ৷ বিশ্ববাসীৰ ওচৰত ভাৰতত মহিলাৰ সন্মান, স্বাধীনতাক অৱনমিত কৰিছে, নাৰীসকলৰ মুক্ত স্বাধীনতাত প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ যিখন চৰকাৰে নাৰী সুৰক্ষাৰ কথা কয় তেনে স্থলত মণিপুৰৰ ঘটনা নহয় যেন আমাক কৰাৰ দৰে হৈছে ৷ ’’ সংগঠনটোৱে লগতে কয় ৷

সভ্য সমাজক লজ্জানত কৰা মণিপুৰৰ জঘন্য কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰক দোষীক কঠোৰতম শাস্তি দিবলৈ আহ্বান জনাই মিচিং জাতীয় সংগঠন টি এম এম কেৰ মহিলা সন্থাই ৷

লগতে পঢ়ক:Puppet Theatre : পুতলাই প্ৰাণ পায় এইগৰাকী ব্যক্তিৰ পৰশত; আহক চিনাকী হওঁ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.