ETV Bharat / state

Puppet Theatre : পুতলাই প্ৰাণ পায় এইগৰাকী ব্যক্তিৰ পৰশত; আহক চিনাকী হওঁ

author img

By

Published : Jul 21, 2023, 8:34 PM IST

অসমৰ প্ৰাচীন লোককলাসমূহৰ অন্যতম পুতলা থিয়েটাৰৰ মোহত বন্দী হৈছিল লখিমপুৰৰ ৰবীন দলে নামৰ শিল্পীজন । জীৱনৰ অপৰাহ্নলৈকে নিজাকৈ এখন পুতলা থিয়েটাৰ লৈ ৰাজ্যৰ অৰঙে-দৰঙে ঢপলিয়াই ফুৰা শিল্পীজনৰ অনুভৱৰে এই প্ৰতিবেদন ।

Puppet Theatre
Puppet Theatre

পুতলাক জীয়াই তোলা লখিমপুৰৰ ৰবীন দলে

লখিমপুৰ, ২১ জুলাই : পুতলা নাচক বৃত্তিলৈ ৰূপান্তৰিত কৰি জীৱন সংগ্ৰাম কৰা লখিমপুৰৰ এগৰাকী শিল্পী ৰবীন দলে ৷ প্ৰাচীন লোককলাৰ অন্যতম পুতলা নাচ বা পুতলা থিয়েটাৰ বিশ্বায়নৰ সময়ত এই কালৰ সোঁতত বিলীন হৈ পৰিছে ৷ পাহৰণিৰ গৰ্ভত লুকাই পৰিছে এই লোককলাসমূহ । ব্যতিক্ৰম নহয় পুতলা নাচো । পৰিৱৰ্তনৰ ধামখুমীয়াত হেৰাই গৈছে পুতলা নাচ । বাজিকৰৰ হাতত পুতলাই প্ৰাণপাই উঠা সেই কলা-সংস্কৃতি বিলুপ্তিৰ পথত । এসময়ত জয়জয়কাৰ ৰূপত গাঁৱে-ভূঞে, নগৰে-চহৰে চলি থকা পুতলা থিয়েটাৰ এতিয়া পাহৰণিৰ গৰ্ভত । ওৰেটো জীৱন এই লোককলাৰ লগত জড়িত শিল্পীসকলৰ এতিয়া বুকুত বেদনাৰ ধুমুহা । লখিমপুৰতো আছে পুতলা নাচক বৃত্তিলৈ ৰূপান্তৰিত কৰি জীৱন-জীবিকাৰ পথ বাছি লোৱা তেনে এগৰাকী শিল্পী ৰবীন দলে ৷ তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ পশ্চিম তেলাহী পঞ্চায়তৰ অন্তৰ্গত নাহৰবাৰী গাঁৱত ৷ জীৱনৰ অপৰাহ্নতো প্ৰাচীন এই লোককলাক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা এইগৰাকীৰ শিল্পীৰ । উল্লেখযোগ্য ১৯৮৫ চনৰ পৰা সুদীৰ্ঘ ৩৫ টা বছৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে পুতলা থিয়েটাৰ প্ৰদৰ্শন কৰি তেওঁ বিপুল সমাদৰ লাভ কৰিছিল ৷ বৰ্তমান শাৰীৰিকভাৱে অসুস্থ বাবেই পুতলা নাচৰ প্ৰতি অগাধ প্ৰেম থকাৰ পিছতো পিচ হুঁহকিবলগা হৈছে তেওঁ । কিন্তু এতিয়াও সযতনে সাঁচি ৰাখিছে পুতলাবোৰ । জীৱনৰ অপৰাহ্নত এই পুতলাবোৰক হাতৰ পৰশ দি তেওঁ বেদনা গধুৰ হৈ পৰে । সৰুৰে পৰা সাংস্কৃতিক দিশৰ প্ৰতি আকৰ্ষিত ৰবীন দলেয়ে পুতলা থিয়েটাৰ খুলি জীৱনটো লোককলা সংস্কৃতিৰ নামত উৎসৰ্গা কৰিলে । এতিয়া হেৰাই যোৱাৰ উপক্রম ঘটাৰ বাবে তেওঁ শোকত ম্ৰিয়মাণ হৈ পৰিছে । শিল্পীজনৰ অদম্য সাহস আৰু ধৈৰ্যৰে সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মিচিং আৰ্টিষ্ট এছোচিয়েচনে 'নট সৈনিক' বঁটা, ৰঙানদী সাহিত্য সভাই 'ৰঙানদী শিল্পী' বঁটা, অসম চৰকাৰে 'বাৰ্ষিক শিল্পী সন্মান' প্ৰদান কৰে ৷

লগতে পঢ়ক :Farmers busy Planting Paddy in Assam: শাওণৰ পথাৰত এতিয়া সীমাহীন ব্যস্ততা ৰাজ্যৰ চহা খেতিয়কৰ; পথাৰত ভুঁই ৰোৱাত ব্যস্ত ৰোৱনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.