ETV Bharat / state

নাৰায়ণপুৰ থানাৰ পৰা হেণ্ডকাফ খুলি চোৰৰ পলায়ন

author img

By

Published : May 19, 2021, 1:49 PM IST

নাৰায়ণপুৰ থানাত অঘটন ৷ থানাৰ পৰা হেণ্ডকাফ খুলি পলায়ন গভাইত চোৰৰ ৷ মঙলবাৰে নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰিছিল দুটাকৈ চোৰ ৷ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই খোদ থানাৰ পৰা নিশা পলায়ন এটা চোৰৰ ৷

thief escapes from narayanpur police station
নাৰায়ণপুৰ থানাৰ পৰা হেণ্ডকাফ খুলি চোৰৰ পলায়ন

বিহপুৰীয়া,19 মে': হেণ্ডকাফ লগাই থোৱা অৱস্থাতে থানাৰ পৰা গভাইত চোৰে কৰা পলায়নে নাৰায়ণপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নাৰায়ণপুৰ থানাত সংঘটিত হেণ্ডকাফ খুলি আচামীয়ে পলায়ন কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে বিয়লি শিঙীয়া অঞ্চলৰ পৰা নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰিছিল দুটাকৈ চোৰক ৷ আটকাধীন চোৰ দুটা ক্ৰমে ব্ৰজেন বৰদলৈ আৰু ৰাতুল বৰদলৈ ৷ ইয়াৰে ব্ৰজেন বৰদলৈ নামৰ চোৰটোৱে নিশাৰ ভাগত হেণ্ডকাফ খুলি পলায়ন কৰে ৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা নাৰায়ণপুৰ অঞ্চলত কেইবাটাও চুৰি কাণ্ড সংঘটিত হৈছিল ৷ উক্ত চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহতে আৰক্ষীয়ে দুই চোৰক আটক কৰিছিল ৷

লগতে পঢ়ক: ৰঙিয়াত চুৰিকাণ্ড: দৃশ্য আৱদ্ধ কেমেৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.