ETV Bharat / state

অত্যাধুনিক চোৰ: চিকিৎসালয়ৰ গ্ল’ভছত চকু চোৰৰ

author img

By

Published : Jun 12, 2021, 10:32 AM IST

জৰাবাৰীস্থিত উপ স্বাস্থ্য কেন্দ্ৰ(Sub Health Center)ত চোৰৰ চাফাই অভিযান ৷ কেন্দ্ৰৰ পিচ দুৱাৰেদি সোমাই বিভিন্ন সামগ্ৰী লুটি নিয়ে চোৰে ।

Sub-centre stolen at Narayanpur etv bharat assam
চোৰৰ চকু এতিয়া স্বাস্থ্য কেন্দ্ৰৰ হাতমোজাত

বিহপুৰীয়া, 12 জুন : নাৰায়ণপুৰৰ জৰাবাৰীস্থিত উপ স্বাস্থ্য কেন্দ্ৰ(Sub Health Center)ত বৃহস্পতিবাৰে নিশা চোৰে চলালে চাফাই অভিযান ৷ কেন্দ্ৰটোৰ পিচফালৰ দুৱাৰেদি আহি বৰচাং ভাঙি সোমাই চোৰে তহিলং কৰে উপ স্বাস্থ্য কেন্দ্ৰটো । জানিব পৰা মতে, গেছ চিলিণ্ডাৰ, তিনিখন ফেন, ২০ খন চকী, ২ খন টেবুল, পানী মটৰ, গ্ল’ভছ, পৰীক্ষা কৰা মেছিন, ৰন্ধনকে ধৰি ভিন্ন সামগ্ৰী চোৰে লুটি নিয়ে । কেৱল এয়াই নহয় কেন্দ্ৰটোৰ ভিতৰতে চোৰে খাই গ'ল দুকাপকৈ চাহ ৷

চিকিৎসালয়ৰ গ্ল’ভছত চকু চোৰৰ

শুকুৰবাৰে পুৱা উপ স্বাস্থ্য কেন্দ্ৰ(Sub Health Center)টোত কৰ্মৰত স্বাস্থ্যকৰ্মী পুতলী দত্ত আহি দুৱাৰ খুলি স্বাস্থ্য কেন্দ্ৰটোৰ সকলো বয়বস্তু লণ্ড-ভণ্ড হৈ থকা দেখি ততাতৈয়াকৈ নাৰায়ণপুৰ আৰক্ষী(Narayanpur Police)ক খবৰ দিয়ে ৷ খবৰ দিয়াৰ কিছুসময়ৰ পিচত স্বাস্থ্য কেন্দ্ৰটোত আৰক্ষী আহি উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে উপ স্বাস্থ্য কেন্দ্ৰ(Sub Health Center)টোৰ গাতে লাগি থকা বৰবৰী মাধৱদেৱ প্ৰাথমিক বিদ্যালয়(Barbari Madhavdev Primary School) ত চোৰ সোমাই বিদ্যালয়খনৰ বহু সা-সামগ্ৰী লুটি নিছিল ৷

লগতে পঢ়ক : পল্লা নৈত সন্ধানহীন কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.