ETV Bharat / state

বান্দৰদেৱাত SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত চুৰিকাণ্ড

author img

By

Published : Jun 12, 2021, 3:15 PM IST

অসম-অৰুণাচল সীমান্ত বান্দৰদেৱাস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ(SBI Customer Service Centre)ত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড ৷ সেৱা কেন্দ্ৰটোৰ পৰা চোৰে লুটি নিয়ে প্ৰায় 2 লক্ষাধিক টকা ৷

SBI Customer Service Centre
বান্দৰদেৱাত SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত চুৰিকাণ্ড

বিহপুৰীয়া, 12 জুন : সান্ধ্য আইনৰ সুবিধা লৈ অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাত চোৰৰ উপদ্ৰৱ ৷ অৰুণাচল সীমান্তৰ বান্দৰদেৱাস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ(SBI Customer Service Centre)ত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ উক্ত গ্ৰাহক সেৱা কেন্দ্ৰটোত লুটপাত চলাই চোৰে প্ৰায় 2 লক্ষাধিক টকা লুটি নিয়ে ৷

বান্দৰদেৱাত SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত চুৰিকাণ্ড

উল্লেখ্য যে, ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোত লগাই থোৱা চিচিটিভি কেমেৰা (CCTV camera)ৰ সংযোগ কাটি কেমেৰাৰ DVR লৈ যায় চোৰে ৷ কেমেৰাৰ DVR লৈ যোৱাৰ লগতে চোৰে চিচিটিভি কেমেৰাৰ কানেকশ্যন ৱাৰো কাটি লৈ যায় ৷ কোনো ড্ৰাগছ ব্যৱসায়ী অথবা ড্ৰাগছ আসক্ত লোকে এই চুৰিকাণ্ড সংঘটিত কৰা বুলি সেৱা কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এই চুৰি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.