ETV Bharat / state

ৰঙানদীৰ বানত বিধ্বস্ত পাচ নৈ অঞ্চল

author img

By

Published : Jun 30, 2021, 6:09 PM IST

লখিমপুৰৰ পাচ নৈ অঞ্চলত এতিয়া বিধ্বস্ত পৰিৱেশ ৷ নীপকো(NEEPCO)ৱে ৰঙানদী (ranganodi river)ত পানী এৰি দিয়াৰ ফলতে এই নৈ পৰীয়া অঞ্চলটোত প্ৰতিবছৰে বিভিষিকাৰ সৃষ্টি হয় ৷ ঘৰৰ সা সম্পত্তি ৰক্ষা কৰাটো বাদেই তীব্ৰ গতিত পানী বঢ়াৰ বাবে ৰাইজে প্ৰাণ ৰক্ষাৰ বাবেহে যুঁজ দিব লগীয়া হয় । কিন্তু বিধ্বস্ত অঞ্চলটোৰ স্থানীয় ৰাইজৰ কাষলৈ নাহে জন প্ৰতিনিধি ৷

the flood of the ranganodi River
ৰঙানদীৰ বানত বিধ্বস্ত পাচ নৈ অঞ্চল

লখিমপুৰ, 30 জুন : লখিমপুৰ নগৰ(lakhimpur town)ৰ পৰা মাথো 7 কিলোমিটাৰ নিলগৰ ৰঙানদী (ranganodi river)পৰীয়া পাচ নৈ অঞ্চলত এতিয়া বিধ্বস্ত পৰিৱেশ ৷ বাট-পথ বুলিবলৈ মাথো বোকা পানীৰ বাবে একোৱেই নাই গাঁওখনত ৷ মাথো কেইদিন মানৰ পূৰ্বে ৰঙানদীৰ বানে (flood) সংহাৰী ৰূপ ধাৰণ ধৰি পাচ নৈ অঞ্চলৰ সকলো বাট পথ ছিঙি ভাঙি চূৰমাৰ কৰিছিল ৷ বৃহত্তৰ অঞ্চলটো সংযোগী পথত থকা ৰঙানদী (ranganodi river)ৰ ওপৰৰ দলং খনো বানে উটুৱাই লৈ যায় ৷ যাৰ ফলত জলবন্দী (flood effected) হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷

ভোকৰ ভাত মুঠিৰ বাবে বাহিৰা জগতখনৰ লগত যোগাযোগ কৰিবলৈ এতিয়া এখন টুলুঙা নাৱেই সাৰথি হৈ পৰিছে অঞ্চলবাসীৰ বাবে ৷ প্ৰতি বছৰে এনে দৃশ্যৰ পুনৰাবৃত্তি হোৱা অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি বাৰিষাৰ দিনকেইটাত কৰি আহিছে বিপদ সংকুল যাত্ৰা ৷ প্ৰতিবছৰে বানে জুৰুলা কৰা অঞ্চলটোত সংঘটিত হৈ আহিছে নাও দুৰ্ঘটনা ৷ বছৰেকৰ বানৰ সংহাৰত প্ৰাণ হেৰুৱাইছে স্থানীয় লোকে ৷ তাৰ পাচতে যেন অঞ্চলবাসীৰ দুখ বুজিবলৈ কাৰোৰেই আহৰি নাই ৷ চৌদিশে কেৱল বোকা পানীৰ মাজত যাতনা ভৰা জীৱন কটাইছে অঞ্চলবাসীয়ে ৷

ৰঙানদীৰ বানত বিধ্বস্ত পাচ নৈ অঞ্চল

নীপকো(NEEPCO)ৱে ৰঙানদী (ranganodi river)ত পানী এৰি দিয়াৰ ফলতে এই নৈ পৰীয়া অঞ্চলটোত প্ৰতিবছৰে বিভিষিকাৰ সৃষ্টি হয় ৷ ঘৰৰ সা সম্পত্তি ৰক্ষা কৰাতো বাদেই তীব্ৰ গতিত পানী বঢ়াৰ বাবে ৰাইজে প্ৰাণ ৰক্ষাৰ বাবেহে যুঁজ দিব লগীয়া হয় । প্ৰতিবছৰে ধনজনৰ বিস্তৰ ক্ষতি হৈ থকা অঞ্চলটোৰ ৰাইজৰ দুৰ্দশাৰ বুজ ল'বলৈ আহৰি নাই কোনো এখন চৰকাৰৰ জনপ্ৰতিনিধিৰ ৷ ইফালে, জনপ্ৰতিনিধি তথা চৰকাৰৰ অৱহেলা আৰু নীপকো(NEEPCO)ৱে প্ৰতিবছৰে পানী এৰি দিয়াৰ বাবে লখিমপুৰৰ পাচ নৈ বাসীয়ে এতিয়া জীয়াই থকাৰ মৰণপন যুঁজত লিপ্ত হ'ব লগীয়া হৈছে ৷

স্থানীয় লোকৰ ক্ষোভ নগৰৰ আৱৰ্ত ভৱনত দিনে নিশাই নেতা পালিনেতাই গিজগিজাই থাকে যদিও দাঁতি কাষৰীয়া এই অঞ্চলৰ ৰাইজৰ যাতনা ভৰা জীৱন যুদ্ধ খন চাবলৈ অথবা উপযুক্ত ব্যৱস্থা গ্রহণ কৰাৰ আহৰি নাই । নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষ চপা নেতাৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবেই উন্নয়নৰ নামত কেৱল বিড়ম্বনাক বুকুত সাৱটি পাচ নৈ বাসীয়ে জীৱন পাৰ কৰিব লগীয়া হৈছে ।

লগতে পঢ়ক: চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.