ETV Bharat / state

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন লোৱা 2 টেকনিচিয়ানক নিলম্বন

author img

By

Published : Aug 22, 2022, 1:52 PM IST

Technicians suspended LMCH for taking money
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেনৰ নামত ৰোগীৰ পৰা ধন লোৱা 2 টেকনিচিয়ানক নিলম্বন

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেনৰ নামত দালালি (Lakhimpur medical college controversy) ৷ চিটি স্কেনৰ নামত ৰোগীৰ পৰা 1600 টকা লৈ 2 টেকনিচিয়ানে হ’বলগীয়া হ’ল নিলম্বন (Technicians suspended LMCH for taking money)৷

লখিমপুৰ, 22 আগষ্ট: বিতৰ্কই লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক (Lakhimpur medical college controversy)। উদ্বোধনৰ পাছৰে পৰা নানা বিতৰ্কৰ আওতাত সোমাই পৰা চিকিৎসা মহাবিদ্যালয়খনত এইবাৰ ওলাইছে চিটি স্কেনৰ নামত ধন সৰকোৱাৰ নতুন পদ্ধতি ৷ এইবাৰ চিটি স্কেনৰ নামত ৰোগীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে (Medical college authorities accused of charging name of CT scans) ৷

জেনেৰেটৰত তেল নথকাৰ বাবে প্ৰসুতিৰ মৃত্যু হোৱা, দেৱাল ফাটি যোৱাকে ধৰি বহু বিতর্কই জোকাৰি যোৱাৰ পাছত এইবাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেনৰ নামত ধনৰ লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ ৰোগীয়ে ৷ দেওবাৰে হেমলতা শইকীয়া, উৰ্মিলা দাস নামৰ ৰোগী দুগৰাকীৰ পৰা চিটি স্কেন কৰাৰ নামত মেডিকেল কৰ্তৃপক্ষই 1600 টকাকৈ লয় ৷ কিন্তু পৰৱৰ্তী সময়ত হাস্পতাল কৰ্তৃপক্ষই ৰোগীক প্ৰদান নকৰিলে কোনো ধন আদায় কৰাৰ ৰচিদ ৷ ৰোগীৰ পৰিয়ালে এই ধন কিয় লোৱা হৈছে সোধাত চিটি স্কেনত প্ৰয়োজন হোৱা ঔষধৰ নাটনি হোৱাৰ বাবে এই ধন লোৱা বুলি মন্তব্য প্ৰকাশ কৰে কৰ্তৃপক্ষই ৷

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেনৰ নামত ৰোগীৰ পৰা ধন লোৱা 2 টেকনিচিয়ানক নিলম্বন

ইয়াৰ পিছতে ৰোগীৰ পৰিয়াল দুটাই হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতেই চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই উৰ্মিলা দাসৰ পৰিয়ালক ধনখিনি ঘূৰাই দিয়ে ৷ কিন্তু এতিয়ালৈ ধন ঘূৰাই নাপালে হেমলতা শইকীয়াৰ পৰিয়ালে ৷

উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়খনৰ চিটি স্কেন পৰিচালনা কৰে 'স্পন্দন' নামৰ এটা সংস্থাই ৷ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ ধন লোৱাৰ এই বাতৰি প্ৰকাশৰ পিছতে সংস্থাটোৱে ইতিমধ্যে চিটি স্কেনৰ দায়িত্বত থকা ধৈৰ্য্য গোহাঁই আৰু টুলটুল দাস নামৰ টেকনিচিয়ান দুজনক ৰোগীৰ পৰী ধন লোৱাৰ অভিযোগত নিলম্বন কৰা বুলি জানিব পৰা গৈছে (Technicians suspended LMCH for taking money)৷

সম্প্ৰতি দুয়োগৰাকী ৰোগী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ৷ মন কৰিবলগীয়া যে যোৱা 7 আগষ্টত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তেজৰ বিনিময়ত দালালি কৰা তিনি যুৱকক আটক কৰে (Three blood brokers arrested in Lakhimpur) ৷ অভিযোগ অনুসৰি ঢেকীয়াজুলীৰ অজিত দাসে বে-আইনীভাৱে 1400 টকাত এক ইউনিট তেজ বিক্ৰী কৰিছিল খেলমাটিৰ বিজয় চৰকাৰক ৷ তেজ বিক্ৰীৰ এই সমগ্ৰ ব্যৱস্থাখিনি কৰি দিছিল নকাৰিৰ মনোজ চাহুৱে ।

লগতে পঢ়ক: Blood broker in Lakhimpur : তেজৰ দালালি কৰি ৰঙাঘৰৰ আলহী হ’ল দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.