ETV Bharat / state

অৰুণাচলৰ বিশ্ববিদ্যালয়ত উজলিল লখিমপুৰৰ ছাত্ৰী

author img

By

Published : Mar 2, 2022, 10:15 PM IST

লখিমপুৰৰ ছাত্ৰীয়ে লাভ কৰিলে অৰুণোদয় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ সন্মান (Lakhimpur girl got best student award in Arunachal)। অতি ভিতৰুৱা অঞ্চলৰ মেধাৱী ছাত্ৰীগৰাকীৰ সফলতাত আনন্দিত গাঁওবাসী । কন্যাৰ সফলতাত দিন হাজিৰা কৰা পিতৃ-মাতৃৰ চকুত আনন্দৰ চকুলো ।

Lakhimpur
অৰুণাচলৰ বিশ্ববিদ্যালয়ত উজলিল লখিমপুৰৰ ছাত্ৰী

লখিমপুৰ,২ মাৰ্চ : শিক্ষা ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । সেই কথাই প্ৰমাণ কৰিলে লখিমপুৰ জিলাৰ এগৰাকী ছাত্ৰীয়ে । সমগ্ৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে । যাৰ বাবে বানে গৰকা লখিমপুৰৰ আমৰতলাত আবতৰীয়া দীপাৱলী দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ অৰুণোদয় বিশ্ববিদ্যালয়ত এম.বি.এ ছাত্ৰী আছিল লখিমপুৰৰ আইনো বৰা । শেহতীয়াকৈ হৈ যোৱা চূড়ান্ত পৰীক্ষাত আইনোয়ে 'Master of Business Administration in HR & Marketing' বিষয়ত বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । কেৱল এয়াই নহয় বিশ্ববিদ্যালয়ৰ ভিতৰতে শ্ৰেষ্ঠ খিতাপ লাভ কৰিছে আইনোৱে (Lakhimpur girl got best student award in Arunachal)।

অৰুণাচলৰ বিশ্ববিদ্যালয়ত উজলিল লখিমপুৰৰ ছাত্ৰী

উল্লেখ্য যে আইনোৰ পিতৃ এগৰাকী সাধাৰণ মিস্ত্ৰী । দৰিদ্ৰ পৰিয়ালৰ আইনোৱে এনেদৰে অৰুণাচলত গৈ অসমৰ নাম গৌৰৱান্বিত কৰাত আনন্দিত সমগ্ৰ জিলাখনৰ ৰাইজ । আইনোৰ পিতৃ-মাতৃও যথেষ্ট আনন্দিত । আনকি মেধাৱী ছাত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে গাঁওবাসীয়ে ।

লগতে পঢ়ক:অসম ডাউন টাউন বিশ্ববিদ্যালয়ত পালন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.