ETV Bharat / state

Bihu World Records : মুখ্যমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন ঢোলৰ ওজা সোমনাথ বৰাৰ

author img

By

Published : Apr 5, 2023, 11:43 AM IST

Bihu World Record
Bihu World Record

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়াৰ দিশে অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহু । বিহুক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তর্ভুক্তৰ প্ৰয়াস অসমৰ মুখ্যমন্ত্ৰীৰ (Guinness Book of World Records of Bihu) । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই সপোন দীর্ঘদিনীয়া । তেওঁৰ বহুদিনীয়া সপোনক বৰ্তমান সাকাৰ ৰূপ দিবলৈ আগবাঢ়িছে । তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্র । এই মন্তব্য ঢোলৰ ওজা সোমনাথ বৰাৰ ।

মুখ্যমন্ত্রীক কৃতজ্ঞতা ঢোলৰ ওজা সোমনাথ বৰাৰ

লখিমপুৰ, ৫ এপ্রিল : মাজত মাথোঁ এটা সপ্তাহ বাকী । অহা ১৪ এপ্রিলত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িব অসমীয়াৰ স্বাভিমানৰ অন্যতম বাহক ৰঙালী বিহুৱে (Guinness Book of World Records of Bihu) । এই ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা মুখ্যমন্ত্রীক কৃতজ্ঞতা জনালে ঢোলৰ ওজা সোমনাথ বৰাই (Somnath Bora gratitude to Himanta Biswa Sarma) ।

মঙলবাৰে সন্ধিয়াৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্রত আয়োজন কৰা দহদিনীয়া বিহু কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাবে অংশগ্রহণ কৰি উদ্বোধনী অনুষ্ঠানত সোমনাথ বৰাই মুখ্যমন্ত্রীক বিহুক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে (Bihu workshop in Lakhimpur) । বিহুক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰয়াসৰ বাবে মুখ্যমন্ত্রীক কৃতজ্ঞতা ঢোলৰ ওজা সোমনাথ বৰাৰ । উল্লেখ্য, অহা ১৪ এপ্রিলত অসমীয়াৰ স্বাভিমানৰ অন্যতম বাহক ৰঙালী বিহুৱে বিশ্বদৰবাৰত এক সুকীয়া চিনাকি লাভ কৰিব ।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িবলৈ আগবাঢ়িছে অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুৱে (Assam CM initiative to Bihu World Records) । বিহুক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তর্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ড৹ শৰ্মাৰ এই সপোন আছিল দীর্ঘদিনীয়া । তেওঁ বহু দিনৰ আগৰে পৰা এনে সপোন লৈ কাম কৰি আছিল আৰু বৰ্তমান মুখ্যমন্ত্রী হিচাবে দায়িত্ব লৈ সেই সপোনক সাকাৰ ৰূপ দিবলৈ আগবাঢ়িছে । তাৰ বাবে মুখ্যমন্ত্রীগৰাকী ধন্যবাদৰ পাত্র । এই মন্তব্য ঢোলৰ ওজা সোমনাথ বৰাৰ ।

মঙলবাৰৰ পৰা লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত দহদিনীয়াকৈ আয়োজন কৰা বিহু নাচ, ঢোলবাদনৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাবে অংশগ্রহণ কৰি উদ্বোধনী অনুষ্ঠানত সোমনাথ বৰাই এইদৰে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে তেওঁ ১৯৮৭ চনৰ পৰা কান্ধত ঢোল লৈ ছোভিয়েট ৰাছিয়া,লেটিন আমেৰিকা, ইউৰোপ, দক্ষিণ আফ্রিকা আদি বিশ্বৰ বিভিন্ন দেশত অসমৰ বিহুক সগৌৰৱেৰে পৰিবেশন কৰি প্ৰতিষ্ঠা কৰি আহিছে । পৃথিৱীৰ অতি জনপ্রিয় নাচটোৱেই বিহু নাচ বুলি তেওঁ অভিহিত কৰে ।

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ পৰিষদে এইবাৰ সপ্তমবাৰৰ বাবে বিহু আদৰণি আৰু কৰ্মশালাৰ আয়োজন কৰিছে । বিহু উদযাপনৰ সমানে বিহুৰ প্ৰসাৰ তথা প্ৰচাৰৰ বাবেও পৰিষদে কৰ্মশালা অনুষ্ঠিত কৰি অৰিহণা যোগাই আহিছে । এইবাৰো মঙলবাৰৰ পৰা অহা ১৫ এপ্রিল পৰ্যন্ত এনে কৰ্মশালাৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :Tiger Terror in Kaliabor : কলিয়াবৰত অব্যাহত আছে বাঘৰ সন্ত্ৰাস; কেমেৰাত বন্দী বিৰল দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.