ETV Bharat / state

Khagen Gogoi passes away: লখিমপুৰৰ সমাজকৰ্মী খগেন গগৈৰ আকস্মিক মৃত্যু

author img

By

Published : Feb 12, 2023, 3:26 PM IST

Social activist Khagen Gogoi passes away
নিষ্ঠাৱান সমাজকৰ্মী খগেন গগৈৰ আকস্মিক মৃত্যু

লখিমপুৰৰ সাহিত্য তথা সমাজ জীৱন উকা কৰি ইহসংসাৰ ত্যাগ কৰিলে শক্তিশালী কণ্ঠৰ অধিকাৰী খগেন গগৈয়ে (Social activist Khagen Gogoi passes away) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ উভতি অহাৰ পথতে হঠাৎ অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে । তেখেতৰ মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ লখিমপুৰত ।

নিষ্ঠাৱান সমাজকৰ্মী খগেন গগৈৰ আকস্মিক মৃত্যু

লখিমপুৰ, ১২ ফেব্ৰুৱাৰী: লখিমপুৰৰ শিক্ষা সাহিত্য সংস্কৃতিৰ পৰা ৰাজনৈতিক ক্ষেত্রলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা শক্তিশালী কণ্ঠৰ অধিকাৰী খগেন গগৈৰ শনিবাৰে নিশা আকস্মিকভাৱে দেহাৱসান ঘটে (Social activist Khagen Gogoi passes away) । ধেমাজি জিলাৰ চিমেন চাপৰিত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা উভতি অহাৰ পথত নিশা ধেমাজি নগৰত হঠাৎ অসুস্থ হৈ পৰে গগৈ ৷ তাৰ কিছুসময় পাচতেই শেষ নিশ্বাস ত্য়াগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে (Khagen Gogoi passes away) ।

ছাত্র আন্দোলনকে আদি কৰি শিক্ষা, সাহিত্য, সংস্কৃতিৰ জগতত আমৃত্যু সেৱা আগবঢ়াইছিল প্ৰয়াত গগৈয়ে (Khagen Gogoi is no more) । ২০০৩ চনৰ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ তেওঁ আদৰণি সমিতিৰ প্ৰধান সম্পাদক দায়িত্ব গ্ৰহণ কৰিছিল । ছাত্র আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অসম ছাত্র সন্থাৰ কেন্দ্রীয় সদস্য, লখিমপুৰ জিলাৰ সম্পাদক আদি পদত কাৰ্যনিৰ্বাহ কৰি আন্দোলন অথবা ছাত্ৰ সন্থাৰ বিভিন্ন কামত তেওঁ নেতৃত্ব দিছিল ।

ইয়াৰ উপৰিও উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সম্পাদক, লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক, অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক আদি বিভিন্ন পদত তেওঁ কাৰ্যনিৰ্বাহক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । বিগত সময়ত তেওঁ বিজেপিৰ পৰা লখিমপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰিছিল । তীব্ৰ জাতীয় চেতনাৰ অধিকাৰী প্ৰয়াত খগেন গগৈয়ে নগৰৰ ত্যাগ ক্ষেত্রত জাতীয় বীৰভূমিৰ প্ৰতিষ্ঠা কৰিছিল (Social activist Khagen Gogoi)।

সেই সময়ত মামনি ৰয়চম গোস্বামীয়েও বীৰভূমিলৈ আহি খগেন গগৈৰ চিন্তা চেতনাৰ শলাগ লৈ গৈছিল । শৈক্ষিক ক্ষেত্রটো তেওঁ বহু অৱদান যোগাই গৈছে । আৰোহণ নামৰ এখন জাতীয় বিদ্যালয়ো পৰিচালনা কৰিছিল প্ৰয়াত গগৈয়ে । সাহিত্য সংস্কৃতিৰ পৰা সমাজ জীৱনলৈ আজীৱন অৱদান আগবঢ়াই ৫৫ বছৰ বয়সত আকস্মিক মৃত্যুক আঁকোৱালি লোৱা খগেন গগৈৰ প্ৰতি দেওবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

নগৰৰ ছাত্র সন্থাৰ কাৰ্যালয়ৰ সমীপত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক মানৱ ডেকাসহ জিলাখনৰ বিশিষ্ট ব্যক্তিসকল, বহু গুণমুগ্ধৰ লগতে অৰ্ধ শতাধিক সংগঠনে তেওঁৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পাচতে নাহৰ পুখুৰী শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক: Useless B R Ambedkar Bhawan: অৰ্ধকোটি টকাৰে নিৰ্মাণ কৰা চৰকাৰী গৃহ পৰিণত ভূত বাংলালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.