ETV Bharat / state

লাচিত বৰফুকনক গেৰুৱা নকৰিবলৈ শৃংখল চলিহাৰ সকীয়নি

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 9:56 PM IST

Shrinkhal Chaliha Lachit Sena
লাচিত বৰফুকনক গেৰুৱা নকৰিবলৈ শৃখল চলিহাৰ সকীয়নি

লাচিত বৰফুনৰ নামত কৰা ৰাজনীতি বন্ধ কৰাৰ সকীয়নি শৃংখল চলিহাৰ ৷ লাচিতক গেৰুৱা কৰিবলৈ চেষ্টা নকৰিবলৈও ক’লে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ৷ অসমৰ খিলঞ্জীয়া লোকৰ সহযোগত শৰাইঘাটৰ দ্বিতীয় যুদ্ধৰ বাবে সাজু হোৱাৰ কথাও ক’লে জাতীয়তাবাদী নেতাগৰাকীয়ে ৷

লাচিত বৰফুকনক গেৰুৱা নকৰিবলৈ শৃখল চলিহাৰ সকীয়নি

লখিমপুৰ, ২৪ নৱেম্বৰ : ‘‘ লাচিতৰ নামত ৰাজনীতি কৰা বন্ধ কৰক । লাচিতক গেৰুৱা কৰিবলৈ চেষ্টা নকৰিব ।’’ লখিমপুৰৰ পৰা চৰকাৰলৈ এইদৰে সকীয়ালে শৃংখল চলিহাই । শুকুৰবাৰে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ এনে সকীয়নি প্ৰদান কৰে ৷

শৃখল চলিহাই কয় যে শৰাইঘাটৰ দ্বিতীয় যুদ্ধ এতিয়ালৈকে আৰম্ভ হোৱা নাই ৷ অসমৰ খিলঞ্জীয়া লোকৰ নেতৃত্বত বীৰ লাচিত সেনাইহে আৰম্ভ কৰিব শৰাইঘাটৰ দ্বিতীয় যুদ্ধ ৷ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ একাংশই এয়া শৰাইঘাটৰ দ্বিতীয় যুদ্ধ বুলি অভিহিত কৰাক নসাৎ কৰে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই ।

চলিহাই ৰাইজক শৰাইঘাটৰ দ্বিতীয় যুদ্ধৰ বাবে সাজু থাকিবলৈ আহ্বান জনায় । লগতে তেওঁ কয় যে বৰ্তমান অসমৰ মানুহে এখন নিজক বচোৱাৰ সংগ্ৰাম কৰি আছে । অসমৰ মানুহে বাৰে বাৰে সংগ্ৰাম কৰিছে আৰু বাৰে বাৰে জিকিছে । যুদ্ধত জয়ী হোৱাটো অসমৰ মানুহৰ চৰিত্ৰ । অসমীয়া এটা শক্তিশালী জাতি । সৰু-সুৰা সংকটলৈ অসমীয়া মানুহে ভয় নকৰে ।

পুনৰ সংগ্ৰাম কৰিবলগীয়া হ’লে অসমীয়া জাতি পুনৰ জয়ী হ’ব বুলি উল্লেখ কৰি শৃংখল চলিহাই চৰকাৰীভাৱে লাচিত দিৱস উদযাপনৰ প্ৰসংগত ক্ষোভ প্ৰকাশ কৰি কয় যে লাচিত বৰফুকনক অন্তৰত ৰাখিব লাগিব । তেওঁক কেৱল এবছৰৰ বাবে ভাল পালে নহ’ব । লাচিত দিৱসৰ দিনা অসমৰ ঘৰে-ঘৰে এগচি বন্তি জ্বলাবলৈ চৰকাৰে আহ্বান জনাব লাগিছিল বুলি মন্তব্য কৰে শৃংখল চলিহাই ।

লাচিতক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দি কয়, ‘‘ লাচিতৰ নামত ৰাজনীতি বন্ধ কৰক । তেওঁক হিন্দু বীৰ সজাই গেৰুৱা কৰিব নোৱাৰে । লাচিত অসমৰ খিলঞ্জীয়া লোকৰ অন্তৰত আছে । হৃদয়ত আছে । ৰঙা তেজৰ মাজত সোমাই আছে লাচিত বৰফুকন । তেওঁক গেৰুৱা ৰং সানিব নোৱাৰে ৷’’

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা বীৰ লাচিত সেনাৰ উদ্যোগত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় লাচিত দিৱস । উক্ত দিৱস উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ৰচনা প্ৰতিযোগিতা, এম্বুলেন্স সেৱা মুকলি, খিলঞ্জীয়া জাগৰণ যাত্ৰা, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক : শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.