ETV Bharat / state

শিঙৰা নদীয়ে উটুৱাই নিলে দলং

author img

By

Published : Jun 29, 2019, 1:00 PM IST

লখিমপুৰত বানৰ বিধ্বংসী ৰূপ ৷ নাওবৈছা বিধানসভাৰ টাটিয়ামৰা ম'হঘুলী সংযোগী পথৰ দলঙৰ এটা অংশ উটুৱাই নিলে শিঙৰা নদীৰ পানীয়ে।

শিঙৰা নদীয়ে উটুৱাই নিলে দলং

লখিমপুৰ, 29 জুনঃ নাওবৈছা বিধান সভাৰ টাটিয়ামৰা ম'হঘূলী সংযোগী পথৰ একমাত্ৰ দলংখনৰ এটা অংশ শিঙৰা নদীৰ পানীয়ে উটুৱাই নিয়াত জীয়াতু ভুগিছে অঞ্চলটোৰ বাসিন্দাই ৷ শুকুৰবাৰৰ নেৰানেপেৰা বৰষুণৰ পিছত বাঢ়ি অহা শিঙৰা বানে উটুৱাই নিলে দলংখন। বানপানীৰ ফলত বৰ্তমান হাহাকাৰ লাগিছে প্ৰায় দহ খন গাঁৱৰ ৰাইজৰ মাজত ৷

শিঙৰা নদীয়ে উটুৱাই নিলে দলং

উল্লেখ্য যে,বৰষুণৰ পৰিমাণ কমিছে যদিও দলংখনৰ দুয়োটা মূৰ প্ৰায় উটি যোৱাৰ উপক্ৰম হৈছে। তাৰোপৰি দলঙৰ মাটি খহি কথমপি ৰক্ষা পৰিল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ।

Intro:পুৰ্বৰ দৰে লখিমপুৰ বানে বিভিষিকাৰ সৃষ্টি কৰা নাই যদিও থাই বিশেষে নামিছে সংকট। লখিমপুৰ জিলাৰ নাওবৈছা বিধাসভাৰ টাটিয়ামৰা ম'হঘুলী সংযোগী পথৰ দলঙৰ এটা অংশ উটুৱাই নিলে শিঙৰাৰ পানীয়ে।


Body:যোগাযোগ ৰ একমাত্ৰ দলংখনৰ এটা অংশ উটুৱাই নিয়াৰ পিছৰ দৃশ্য এইয়া। ঠাৱনি নোপোৱাআ পানীৰে পাৰা পাৰ হৈছে ৰাইজ। পোহনীয়া গৰূ ছাগলী নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে মৰণক শৰণ দি। শুকুৰবাৰৰ নেৰানেপে ৰা বৰষুণৰ পিছত বাঢ়ি অহা শিঙৰা ৰ বানে উটুৱাই নিলে দলংখন। হাহাকাৰ লাগিছে প্ৰায় দহ খন গাৱৰ ৰাইজৰ।
বাইট:
শিঙৰা ৰ বানত নষ্ট হৈছে শ শ বিগা কৃষি। দল উটুৱাই নিয়াৰ পিছতো যাতায়ত ৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই
লখিমপুৰ জিলা প্ৰশাসনে।
বাইট:



Conclusion:বৰষুণ ৰ পৰিমাণ কমিছে যদিও দলংখনৰ দুয়োটা মুৰ উটি যোৱাৰ উপক্ৰম হৈছে। দলঙৰ মাটি খহি কথমপি ৰক্ষা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ৰ।
শিঙৰা ৰ বানৰ কবলত পৰা ৰাইজৰ আশংকা বৰষুণ আহিলে চিগা কৃষি বান্ধেৰে সোমোৱা পানী য়ে সম্পূৰ্ণ উটুৱাই নিব গ্ৰাম্য পথৰ দলংখন।

লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.