ETV Bharat / state

SCWC awareness meeting: লখিমপুৰত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা

author img

By

Published : Dec 16, 2022, 2:01 PM IST

জ্যেষ্ঠ নাগৰিকসকলৰ সভাত কেৱল জ্যেষ্ঠসকল থাকিলেই নহ’ব। এনে সভা সমিতিত তেওঁলোকৰ পুত্ৰ পৰিয়ালো থাকিব লাগিব ৷ লখিমপুৰত সামজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত এখন জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা অনুষ্ঠিত হয় (Senior Citizen Awareness Meeting in Lakhimpur)৷

Senior Citizen Awareness Meeting in Lakhimpur
SCWC awareness meeting: লখিমপুৰত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা

SCWC awareness meeting: লখিমপুৰত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা

লখিমপুৰ, 16 ডিচেম্বৰ: "সমাজৰ জ্যেষ্ঠসকলৰ বাবে চৰকাৰে প্ৰনাম আঁচনি আনিবলগীয়া হোৱাটো দুঃখজনক কথা (SCWC awareness meeting)৷ এই কথাই সমাজ ব্যবস্থাটোৰ ক’ৰবাত কেৰোণ লগাটো স্পষ্ট কৰি তুলিছে ৷ পৰিয়ালত চৰকাৰী চাকৰি কৰা সন্তান থকাৰ পাছত চৰকাৰে তেঁওলোকৰ পিতৃ-মাতৃৰ বাবে প্ৰণাম আঁচনি আনিব লগীয়া হোৱাটোৱে সমাজ ব্যবস্থাৰ কৰবাত ব্যৰ্থতা থকাটো স্পষ্টকৈ ওলাই পৰিছে ৷

এই কেৰোণ লগা ব্যৱস্থাটো ঠিক কৰিব লাগিব । জ্যেষ্ঠ নাগৰিকসকলৰ সভাত কেৱল জ্যেষ্ঠ্যসকল থাকিলেই নহ’ব । এনে সভা সমিতিত তেওঁলোকৰ পুত্ৰ পৰিয়ালো থাকিব লাগিব ৷ সভাৰ আলোচ্য বিষয় তেওঁলোকৰ জৰিয়তে সমাজলৈ বিয়পাব লাগিব ৷ তেতিয়া আপোনা আপুনি বহু সমাধান সূত্ৰ উদ্ভাৱন হ’ব ৷" এই ভাষ্য লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ (Lakhimpur MLA Manab Deka)৷

বৃহস্পতিবাৰে লখিমপুৰত সামজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত বিশাল আয়োজনেৰে এখন জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা অনুষ্ঠিত হয় (Senior Citizen Awareness Meeting in Lakhimpur)৷ এই সভাত কেইবাশতাধিক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে (Several Senior citizen in SCWC) ৷

লগতে পঢ়ক: Gun shot by security guard in NRL: নুমলীগড় শোধনাগাৰত নিজৰ বন্দুকেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা নিৰাপত্তাৰক্ষী

বৃদ্ধাশ্ৰমৰ প্ৰসংগ উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এইয়া পাশ্চাত্যৰ সমাজ নহয় ৷ যৌথ পৰিয়ালে সমিল-মিলেৰে চলা এখন আদৰ্শবান সমাজ ৷ এনে সমাজৰ সম্প্ৰীতিৰ নিদৰ্শন জাকত জিলিকা ৷

এই সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য বৰঙণি যোগোৱা দহ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয় ৷ সভাখনত বিধায়ক মানৱ ডেকা, জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড৹ প্ৰদীপ ঠাকুৰীয়া, উপাধ্যক্ষ অশোক বৰঠাকুৰ, সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ, সদস্য ৰেখা শৰ্মা বৰুৱা, শশাংক শেখৰ গোস্বামী, পৌৰপতি নিবেদিতা দত্তই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Cabinet Meeting in Jorhat: যোৰহাটৰ উন্নয়নৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ ৰাজ্যিক কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.