ETV Bharat / state

লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিতর্কৰ নতুন মোৰ

author img

By

Published : Aug 28, 2022, 6:23 PM IST

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চেতিয়াৰ বিৰুদ্ধে উত্থাপিত অশ্লীলতাৰ কেলেংকাৰিৰ (North Lakhimpur College Principal scam) প্ৰতিক্ৰিয়া অব্যাহত আছে । শনিবাৰে ছটাকৈ সংগঠনে সংবাদমেল সম্বোধন কৰি অধ্যক্ষগৰাকী ষড়যন্ত্রৰ বলি হোৱা বুলি কয় (Scam of obscenity against NLC principal)।

Lakhimpur
Lakhimpur

লখিমপুৰ, ২৮ আগষ্ট : উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ প্ৰসংগক লৈ লখিমপুৰত এতিয়াও অব্যাহত আছে উত্তাল পৰিৱেশ (North Lakhimpur College Principal scam) । একাংশ সংগঠনে অধ্যক্ষগৰাকীক অশ্লীলতাত জড়িতৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে (demand of arrest NLC principal) । আনহাতে, আন একাংশ সংগঠনে অধ্যক্ষগৰাকী ষড়যন্ত্রৰ বলি হোৱা বুলি নিৰপেক্ষ তদন্তৰ দাবী জনাইছে (demanded impartial probe into alleged conspiracy) ।

উল্লেখ্য, শুকুৰবাৰে সদৌ অসম ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এক সংবাদমেলযোগে অধ্যক্ষগৰাকীক নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে । আনহাতে, বিয়লিভাগত উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে (Directorate of Higher Education orders suspension) । তাৰ পাছতে শনিবাৰে ছটাকৈ সংগঠনে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি অধ্যক্ষগৰাকী ষড়যন্ত্রৰ বলি হোৱাৰ অভিযোগ তোলে (conspiracy against NLC principal) ।

শনিবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আহোম জনগোষ্ঠীয় 6 টা সংগঠনে এক সংবাদমেলযোগে এই কাণ্ডক এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে (press conference of 6 Ahom community organisations)। লগতে তেওঁৰ বিৰুদ্ধে একাংশ জাতীয় সংগঠনে আক্ৰোশমূলকভাৱে প্ৰতিবাদমুখৰ হৈ পৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে অধ্যক্ষ বিমান চেতিয়াৰ সম্পূৰ্ণ বিষয়টো নিৰপেক্ষভাৱে তদন্তৰ দাবী জনাই (Demand for fair probe) তেওঁৰ বিৰুদ্ধে প্ৰতিবাদকাৰী একাংশ জাতীয় সংগঠনক সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য যে শুকুৰবাৰে প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি আছু নেতৃত্বই (Lakhimpur AASU press conference) অধ্যক্ষ বিমান চেতিয়াক তৎকালেই গ্ৰেপ্তাৰৰ দাবী তুলিছিল । তাৰ পাছতে শনিবাৰৰ এই যৌথ সংবাদমেলত ভাগ লয় আহোম সভা, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ফুৰালুং সংঘ আৰু টাই আহোম মহিলা পৰিষদৰ নেতৃবৰ্গই ।

তেওঁলোকৰ অভিযোগ, কেৱল বিমান চেতিয়াক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে এটা পক্ষ । বিমান চেতিয়াৰ বিপক্ষে থকা একাংশ লোক, দল-সংগঠনে কোনো প্ৰমাণ অবিহনে প্ৰতিবাদৰ নামত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ সংগঠনকেইটাৰ । লগতে তেওঁলোকৰ মন্তব্য, আইনৰ দৃষ্টিত যদি বিমান চেতিয়া দোষী প্ৰমাণিত হয় তেনেহ'লে শাস্তি প্ৰদান কৰক ।

অন্যথাই প্ৰতিবাদী সংগঠনসমূহৰ ক্ষেত্ৰত বিহিত ব্যবস্থা গ্ৰহণ কৰিব আহোম জনগোষ্ঠীয় সংগঠনসমূহে । এই সকীয়নি প্ৰদান ছটাকৈ আহোম সংগঠনৰ নেতৃবৰ্গৰ । উল্লেখ্য, সমগ্ৰ বিষয়টোক লৈ বৰ্তমান একাংশ সংগঠনৰ মাজত সংঘাত সৃষ্টিৰ উপক্ৰম ঘটিছে । এতিয়া পৰৱৰ্তী সময়ত উক্ত ঘটনা প্ৰবাহে কোনফালে গতি লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : লখিমপুৰত জলশক্তি মিছনৰ কেন্দ্রীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.