লখিমপুৰত জলশক্তি মিছনৰ কেন্দ্রীয় দল

author img

By

Published : Aug 28, 2022, 4:29 PM IST

Jal shakti mission central team visited lakhimpur

অসমত স্থাপন কৰা হ'ব পাৰে সৰ্ববৃহৎ অমৃত সৰোবৰ(Biggest amrit sarovar may be installed in Assam) । শনিবাৰে জলশক্তি মিছনৰ এটা কেন্দ্রীয় প্ৰতিনিধি দলে লখিমপুৰ জিলাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি উল্লেখ কৰে এই কথা(Jal Shakti Ministry visits Lakhimpur) ।

লখিমপুৰ,২৭ আগষ্ট: কেন্দ্রীয় জলশক্তি মন্ত্রণালয়ৰ এটা দলৰ লখিমপুৰ জিলা পৰিদৰ্শন(Jal Shakti Ministry visits Lakhimpur) । শনিবাৰে কেন্দ্রীয় জলশক্তি মন্ত্রণালয়ৰ এটা দলে লখিমপুৰ জিলাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে । কেন্দ্রীয় জলশক্তি মন্ত্রণালয়ৰ চিভিল এভিয়েচন ডাইৰেক্টৰ প্ৰাঞ্জল চন্দ্র,চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰৰ বিজ্ঞানী কে ৰাধাপ্ৰিয়াই জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰসহ সংশ্লিষ্ট বিভাগৰ বিষয়া বৰ্গৰ সৈতে জিলা খনৰ লখিমপুৰ, নাওবৈচা, তেলাহী,বিহপুৰীয়া আদি উন্নয়ন খণ্ডৰ এলেকাত জনশক্তিৰ কাম কাজসমুহ পৰিদৰ্শন কৰে ।

লখিমপুৰত জলশক্তি মিছনৰ কেন্দ্রীয় দল

তেঁওলোকে অসমত জনশক্তিৰ প্ৰচুৰ সম্ভাৱনা প্ৰত্যক্ষ কৰি অভিভূত হৈ অসমত সৰ্ববৃহৎ অমৃত সৰোবৰ স্থাপন কৰা হ'ব পাৰে বুলি মত পোষণ কৰে(Biggest amrit sarovar may be installed in Assam) । জলশক্তি অভিযানে এক জনমুখী আন্দোলনৰ পথ লোৱা বুলি উল্লেখ কৰি এই আন্দোলনত বিশেষ কৈ নৱ-প্ৰজন্মক জৰিত কৰাৰ পক্ষে মত দিয়ে ।

ছাত্র সমাজক এই ক্ষেত্রত জড়িত কৰাৰ ওপৰত তেওলোকে গুৰুত্ব আৰোপ কৰে । পানীৰ অপচয় ৰোধ কৰাৰ বাবে সজাগতা অতীব প্ৰয়োজন আৰু তেঁওলোকৰ এই ভ্ৰমণ তাৰেই এক অংশ বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: গৰ্ভৱতী পত্নীক হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.