ETV Bharat / state

ৰুম এয়াৰ ছেনিটাইজাৰঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন

author img

By

Published : May 8, 2020, 2:27 PM IST

কেৱল হাত দুখনেই নহয় , নিজৰ ৰুমটোও ছেনিটাইজ কৰিব পাৰিব আপুনি ৷ কম খৰছতে কেইমিনিট মানৰ ভিতৰতে বীজাণুমুক্ত কৰিব পাৰিব ৰুমটো ৷ কাৰণ উদ্ভাৱক উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰি উলিয়াইছে ৰুম এয়াৰ ছেনিটাইজাৰ।

room air santizer discover by Padma Shri uddhab bharali
কৰ'ণা জাগৰণঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ ৰুম এয়াৰ ছেনিটাইজাৰ উদ্ভাৱন

লখিমপুৰ,8 মে'ঃ কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ছেনিটাইজ কৰাটো প্ৰথম আৰু প্ৰাথমিক চৰ্ত হিচাপে বিচেচিত হৈছে । তেনে সময়তে কেৱল হাত দুখন নহয়, এতিয়াৰ পৰা নিজৰ ৰুমটোও ছেনিটাইজ কৰিব পৰা এটা বিশেষ যন্ত্ৰ উদ্ভাৱন কৰা হৈছে ৷ এই যন্ত্ৰৰ দ্বাৰা কেইমিনিট মানৰ ভিতৰতে বীজাণুমুক্ত কৰিব পাৰিব ৰুমটো ৷ বিশিষ্ট উদ্ভাৱক লখিমপুৰত পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছে ৰুম এয়াৰ ছেনিটাইজাৰ।

ৰুম এয়াৰ ছেনিটাইজাৰঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন
room air santizer discover by Padma Shri uddhab bharali
ৰুম এয়াৰ ছেনিটাইজাৰ উদ্ভাৱন
এই ৰুম এয়াৰ ছেনিটাইজাৰৰ দ্বাৰা এটা কোঠা কেইমিনিটমানৰ ভিতৰতে কৰ'ণা বীজাণুমুক্ত কৰিব পাৰি। তেজপুৰৰ দীফেঞ্চ ৰিচাৰ্চ চেণ্টাৰৰ পৰীক্ষাকে আৰম্ভ কৰি বহুকেইটা পৰীক্ষাৰ যোগেৰে পেলনীয়া সামগ্ৰীৰে চিকিৎসকৰ পৰামৰ্শ অনুসৰি উদ্ভাৱন কৰিছে এই ৰুম ছেনিটাইজাৰ । চিকিৎসকৰ মতে, কোনো অসুবিধাৰ সৃষ্টি নহয় এই ৰুম এয়াৰ ছেনিটাইজাৰৰ দ্বাৰা ।

লগতে পঢ়কঃCOVID-19 : ভাৰতৰ শেহতীয়া তথ্য !


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.