ETV Bharat / state

Artificial flood in Lakhimpur: ছমাহেই পানীৰ তলত লখিমপুৰ পৌৰসভাৰ পৌৰপতিৰ ৱাৰ্ড

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 6:26 PM IST

Poor road communication in Lakhimpur
লখিমপুৰ পৌৰসভাত পথৰ দুৰৱস্থা

পৌৰপতিগৰাকী নিৰ্বাচিত হোৱা ৱাৰ্ডটোৰ একাংশত পথত, ঘৰৰ ভিতৰত একাঠু পানী । ফলত নাগৰিকে ভুগিছে চৰম যন্ত্রণা । বিগত দুবছৰৰ পৰা সৃষ্টি হোৱা ৱাৰ্ডটোৰ এই সমস্য়া সমাধান কৰাত পৌৰসভাই কোনো পদক্ষেপ নোলোৱা বাবে নাগৰিকে ক্ষোভ প্রকাশ কৰিছে।

লখিমপুৰ পৌৰসভাত পথৰ দুৰৱস্থা

লখিমপুৰ, ১ ছেপ্টেম্বৰ: ছমাহে পানীৰ তলত লখিমপুৰ পৌৰসভাৰ পৌৰপতিৰ ৱাৰ্ড । ৰাইজৰ আহ্বানৰ পাছতো সহাৰি নাই পৌৰসভাৰ । বিগত সময়ত ১৪ টা ৱাৰ্ডেৰে গঠিত পৌৰসভাখনৰ শেহতীয়াকৈ ৱাৰ্ডৰ সম্প্ৰসাৰণ ঘটাই ২১ টালৈ বৃদ্ধি কৰা হয় ৱাৰ্ডৰ সংখ্যা । সম্প্রতি বিজেপিৰ দখলত থকা পৌৰসভাখনৰ পৌৰপতিৰ দায়িত্বত আছে নিবেদিতা দত্ত । তেওঁ তিনি নং ৱাৰ্ডৰ পৰা বিজয়ী হৈছিল । পিছে এতিয়া পৌৰসভাখনৰ ভিতৰত সৰ্বাধিক বিধ্বস্ত ৰূপত আছে পৌৰপতিগৰাকীৰ ৱাৰ্ডটো ।

তিনি নং ৱাৰ্ডৰ একাংশত নাগৰিকৰ ঘৰ-বাৰীৰ লগতে প্ৰায় তিনিশ মিটাৰ পথ এটা ছমাহে পানীৰ তলত আছে । যোৱা দুবছৰৰ পৰা ৱাৰ্ডটোত এই অৱস্থা বাহাল আছে । বিশেষকৈ আমিৰুদ্দিন গাওঁবুঢাৰ ঘৰ সংযোগী প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ ওপৰত তিনিশ মিটাৰ মানত একাঠু পানী । কেৱল পথৰ ওপৰতে নহয়, ঘৰৰ ভিতৰতো পানী । এয়া কেৱল এদিন দুদিনৰ বাবেও নহয় । বছৰৰ ছমাহ এনেদৰে ডুবি থাকে ৱাৰ্ডটোৰ এই অংশটো । যাৰ বাবে নাগৰিকে অবৰ্ণনীয় যাতনা ভোগ কৰিবলগীয়া হৈছে ।

কণ- কণ ছাত্র ছাত্রীৰ পৰা সকলো লোকে দিনে- নিশাই একাঠু পানীৰে অহা যোৱা কৰিব লগীয়া হৈছে । ৰাইজে পৌৰসভা, জিলা প্ৰশাসনক এই সন্দৰ্ভত আবেদন জনায়ো কোনো সুফল পোৱা নাই । উল্লেখ্য যে পৌৰসভাৰ কাৰ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা চাৰি পাচ শ মিটাৰ দূৰতে এই ৱাৰ্ডটোৰ নাগৰিকে এনেদৰে যন্ত্ৰনা ভোগ কৰিবলগীয়া হৈছে । প্ৰশাসন আৰু পৌৰসভাৰ অৱহেলাত এতিয়া চৰম ক্ষোভ প্রকাশ কৰিছে ৱাৰ্ডটোৰ নাগৰিকসকলে ।

জিলা আয়ুক্তৰ কাৰ্যালয়ত কেইটামান ৰঙীণ লাইট, নগৰৰ মাজত আই লাভ লখিমপুৰ বুলি নিৰ্মাণ কৰা চেল্ফি পইন্টে উন্নয়ন নুবুজায় বুলি ক্ষোভ প্রকাশ কৰিছে নাগৰিকে। ৱাৰ্ডটো এক প্ৰকাৰ জলাশয়ত পৰিণত হোৱাৰ বাবে নাগৰিকে অমৃত সৰোবৰ স্থাপন কৰাৰ লগতে পানীৰ মাজত চেল্ফি পইন্ট এটা স্থাপন কৰিব লাগে বুলি দাবী কৰে ।

লগতে পঢ়ক:Flood and erosion:ডিব্ৰুগড়ৰ চহৰীকটা কৈৱৰ্ত্ত গাঁৱত বান-খহনীয়াত বিপৰ্য্যস্ত জনজীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.