ETV Bharat / state

পত্নী আৰু কন্যাৰ সন্মুখতে ট্ৰাকৰ খুন্দাত মৃত্যু স্বপন বিশ্বাসৰ

author img

By

Published : Oct 4, 2022, 9:48 PM IST

Etv Bharatroad-accident-in-lakhimpur-one-died
Etv Bharatপত্নী আৰু কন্যাৰ সন্মুখতে ট্ৰাকৰ খুন্দাত মৃত্যু লোক

নৱমীৰ দিনাই লখিমপুৰ জিলাৰ পথালিপাহাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Lakhimpur)৷ থিতাতে নিহত হয় স্বপন বিশ্বাস নামৰ লোকজন (one died in road accident) ৷

লখিমপুৰ, 4 অক্টোবৰ: ৰাজ্যজুৰি পূজাৰ উলহ মালহৰ মাজতে বিভিন্ন প্ৰান্তত দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে (Road accident at Pathalipahar)৷ নৱমীৰ দিনাই লখিমপুৰ জিলাৰ পথালিপাহাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Lakhimpur)৷

মঙলবাৰে লখিমপুৰৰ বান্দৰদেৱালৈ পিতৃ, মাতৃ আৰু কনমানি পুত্ৰ এখন স্কুটী লৈ আহি আছিল ৷ তেনেকুৱাতে এখন তীব্ৰবেগী ট্ৰাকে স্কুটীখনত খুন্দিয়াই দিয়ে ৷ ফলত থিতাতে নিহত হয় স্বপন বিশ্বাস নামৰ লোকজন (one died in road accident) ৷

পত্নী আৰু কন্যাৰ সন্মুখতে ট্ৰাকৰ খুন্দাত মৃত্যু লোক

বিহপুৰীয়াৰ কেঞামৰাৰ বাসিন্দা আছিল পৰিয়ালটো ৷ চকুৰ সন্মুখতেই পিতৃক হেৰুৱাই কান্দোনত ভাগি পৰে কণমানি পুত্ৰ ৷ লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মাতৃ আৰু পুত্ৰক হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ৰঙিয়াত শংখ ঘণ্টা বজাই দেৱী দুৰ্গাৰ স্তুতি বন্দনাত ব্যস্ত আয়তীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.