ETV Bharat / state

পেঞ্চনৰ ধনেৰে পুথিভঁৰাল স্থাপন কৰিলে অৱসৰপ্ৰাপ্ত শিক্ষকে

author img

By

Published : Feb 1, 2020, 8:12 PM IST

Updated : Feb 2, 2020, 9:06 AM IST

কেইবা লাখ টকা ব্য়য় কৰি নাৰায়ণপুৰৰ ৰাইজৰ বাবে এটা পুথিভঁৰাল নিৰ্মাণ কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে ৷

retired teacher special story
নাৰায়ণপুৰৰ ৰাইজৰ বাবে এটা পুথিভঁৰাল নিৰ্মাণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ

বিহপুৰীয়া,1 ফেব্ৰুৱাৰীঃ নিজৰ পেঞ্চনৰ ধনেৰে ৰাইজৰ বাবে এটা পুথিভঁৰাল স্থাপন কৰিছে নাৰায়ণপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে ৷ শিক্ষকগৰাকীয়ে অৱসৰৰ সময়ত পোৱা পাঁচ লাখ টকাৰ দুই লাখ টকা ফিক্সড্‌ ডিপজিত কৰি লাভ কৰা ছয় লাখ টকা আৰু এলআইচিৰ পৰা পোৱা তিনি লাখ টকা মুঠ ন লাখ টকা মূলধন হিচাপে লৈ নাৰায়ণপুৰৰ বিষ্ণু জ্যোতি শিল্পী সমাজত নিৰ্মাণ কৰিছে এটা ব্যয়বহুল পুথিভঁৰাল ৷ বৰ্তমানলৈকে প্ৰায় ১৩ লাখ টকা ব্যয় হোৱা পুথিভঁৰালটোৰ দ্বাৰ মুকলি কৰে উদ্ভাৱক ড° উদ্ধৱ ভৰালীয়ে ৷ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ৰাষ্ট্ৰীয় কৃৰ্তী শিক্ষকৰ বঁঁটা লাভ কৰা যোগেন্দ্ৰ নাথ দত্তই শিক্ষকতা কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী আৰু অসমীয়া অভিধানৰ অধ্যয়নৰ পৰা বঞ্চিত হোৱা দেখি সংকল্প লৈছিল আৰ্জিত ধনেৰে এটা পুথিভঁৰালৰ সহিতে অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ ৷ ২০০৬ চনতে অৱসৰ গ্ৰহণ কৰা যোগেন্দ্ৰ নাথ দত্তই সাঁচতীয়া ধনৰ লগতে মাহিলী পোৱা পেঞ্চনৰ ধনেৰে সম্পূৰ্ণ কৰি তুলিছে ব্যয়বহুল পুথিভঁৰালটো ৷

নাৰায়ণপুৰৰ ৰাইজৰ বাবে এটা পুথিভঁৰাল নিৰ্মাণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ

প্ৰতিবছৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি বিনামূলীয়া শিক্ষাদান কৰি আহিছে এইগৰাকী শিক্ষাবিদে ৷ নাৰায়ণপুৰ অঞ্চলত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ স্বৰূপে জলপানি আগবঢ়াই অহা যোগেন্দ্ৰ নাথ দত্তই মাধৱদেৱ জন্মস্থানত ১৫০ টা লেটেকু পুলি ৰোৱাৰ লগতে বিভিন্ন স্থানত ৰোপন কৰিছে আমপুলি আৰু নাৰিকল পুলি ৷ নিজা প্ৰচেষ্টাত একোটা ব্যয় বহুল পুথিভঁৰাল নিৰ্মাণ কৰি সমাজৰ বৌদ্ধিক চিন্তাৰ গতি অধিক শক্তিশালী কৰাৰ চেষ্টা চলোৱা যোগেন্দ্ৰ নাথ দত্ত সকলোৰে বাবে আদৰ্শ স্বৰূপ ৷

লগতে পঢ়কঃকেন্দ্ৰীয় বাজেট 2020 : ৰাজ্যৰ উদ্যোগীৰ প্ৰতিক্ৰিয়া

Intro:পেঞ্চনৰ ধনেৰে নাৰায়ণপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে গঢ় দিছে এটা পুঁথিভড়াল ৷ শিক্ষক গৰাকীয়ে অৱসৰৰ সময়ত পোৱা পাঁচ লাখ টকাৰ দুই লাভ টকা ফিক্সড্‌ ডিপজিত কৰি লাভ কৰা ছয় লাখ টকা আৰু এল আই চিৰ পৰা পোৱা তিনি লাখ টকা মুঠ ন লাখ টকা মুলধন হিচাপে লৈ নাৰায়ণপুৰৰ বিষ্ণু জ্যোতি শিল্পী সমাজত নিৰ্মাণ কৰিছে এটা ব্যয়বহুল পুথিভঁৰাল ৷ বৰ্তমানলৈকে প্ৰায় ১৩ লা টকা ব্যয় হোৱা পুথিভঁৰালটোৰ দ্বাৰ আজি উদ্ভাৱক ড° উদ্ধৱ ভৰালীয়ে উন্মোচন কৰে ৷ নাৰায়ণপুৰৰ এই গৰাকী ব্যক্তিৰ নাম হৈছে যোগেন্দ্ৰ নাথ দত্ত ৷ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ নাথ দত্ত ৷ ৰাষ্ট্ৰীয় কৃৰ্তী শিক্ষকৰ বঁঁটা লাভ কৰা যোগেন্দ্ৰ নাথ দত্তই শিক্ষকতা কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী আৰু অসমীয়া অভিধানৰ অধ্যয়নৰ পৰা বঞ্চিত হোৱা দেখি শুনি সংকল্প লৈছিল আৰ্জিত ধনেৰে এটা পুথিভঁৰালৰ সহিতে অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ ৷ ২০০৬ চনতে অৱসৰ গ্ৰহণ কৰা যোগেন্দ্ৰ নাথ দত্তই সাচতীয় ধনৰ লগতে মাহিলী পোৱা পেঞ্চনৰ ধনেৰে নিৰ্মান কৰা ব্যয়বহুল পুথিভঁৰালটো সম্পূৰ্ণ কৰি তুলিছে ৷
প্ৰতিবছৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি বিনামূলীয়া শিক্ষাদান কৰি আহিছে এইগৰাকী শিক্ষাবীদে ৷ নাৰায়ণপুৰ অঞ্চলত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ স্বৰূপে জলপানি আগৱঢ়াই অহা যোগেন্দ্ৰ নাথ দত্তই মাধৱদেৱ জন্মস্থানত ১৫০ টা লেতেকু পুলি ৰোৱাৰ লগতে বিভিন্ন স্থানত ৰোপন কৰিছে আমপুলি আৰু নাৰিকল পুলি৷ নিজা প্ৰচেষ্টাত একোটা ব্যয় বহুল পুথিভঁৰাল নিৰ্মাণ কৰি সমাজৰ বৌদ্ধিক চিন্তাৰ গতি তৰাম্বিত কৰাৰ চেষ্টা কৰা যোগেন্দ্ৰ নাথ দত্ত সকলোৰে বাবে আদৰ্শ স্বৰূপ৷Body:পেঞ্চনৰ ধনেৰে নাৰায়ণপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে গঢ় দিছে এটা পুঁথিভড়াল ৷ শিক্ষক গৰাকীয়ে অৱসৰৰ সময়ত পোৱা পাঁচ লাখ টকাৰ দুই লাভ টকা ফিক্সড্‌ ডিপজিত কৰি লাভ কৰা ছয় লাখ টকা আৰু এল আই চিৰ পৰা পোৱা তিনি লাখ টকা মুঠ ন লাখ টকা মুলধন হিচাপে লৈ নাৰায়ণপুৰৰ বিষ্ণু জ্যোতি শিল্পী সমাজত নিৰ্মাণ কৰিছে এটা ব্যয়বহুল পুথিভঁৰাল ৷ বৰ্তমানলৈকে প্ৰায় ১৩ লা টকা ব্যয় হোৱা পুথিভঁৰালটোৰ দ্বাৰ আজি উদ্ভাৱক ড° উদ্ধৱ ভৰালীয়ে উন্মোচন কৰে ৷ নাৰায়ণপুৰৰ এই গৰাকী ব্যক্তিৰ নাম হৈছে যোগেন্দ্ৰ নাথ দত্ত ৷ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ নাথ দত্ত ৷ ৰাষ্ট্ৰীয় কৃৰ্তী শিক্ষকৰ বঁঁটা লাভ কৰা যোগেন্দ্ৰ নাথ দত্তই শিক্ষকতা কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী আৰু অসমীয়া অভিধানৰ অধ্যয়নৰ পৰা বঞ্চিত হোৱা দেখি শুনি সংকল্প লৈছিল আৰ্জিত ধনেৰে এটা পুথিভঁৰালৰ সহিতে অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ ৷ ২০০৬ চনতে অৱসৰ গ্ৰহণ কৰা যোগেন্দ্ৰ নাথ দত্তই সাচতীয় ধনৰ লগতে মাহিলী পোৱা পেঞ্চনৰ ধনেৰে নিৰ্মান কৰা ব্যয়বহুল পুথিভঁৰালটো সম্পূৰ্ণ কৰি তুলিছে ৷
প্ৰতিবছৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি বিনামূলীয়া শিক্ষাদান কৰি আহিছে এইগৰাকী শিক্ষাবীদে ৷ নাৰায়ণপুৰ অঞ্চলত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ স্বৰূপে জলপানি আগৱঢ়াই অহা যোগেন্দ্ৰ নাথ দত্তই মাধৱদেৱ জন্মস্থানত ১৫০ টা লেতেকু পুলি ৰোৱাৰ লগতে বিভিন্ন স্থানত ৰোপন কৰিছে আমপুলি আৰু নাৰিকল পুলি৷ নিজা প্ৰচেষ্টাত একোটা ব্যয় বহুল পুথিভঁৰাল নিৰ্মাণ কৰি সমাজৰ বৌদ্ধিক চিন্তাৰ গতি তৰাম্বিত কৰাৰ চেষ্টা কৰা যোগেন্দ্ৰ নাথ দত্ত সকলোৰে বাবে আদৰ্শ স্বৰূপ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
Last Updated :Feb 2, 2020, 9:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.