ETV Bharat / state

লখিমপুৰৰ বিভিন্ন স্থানত ৰাভা দিৱস পালন

author img

By

Published : Jun 21, 2021, 10:04 AM IST

দেওবাৰে ৰাজ্যজুৰি পালন কৰা হ'ল ৰাভা দিৱস । লখিমপুৰ জিলাতো বিভিন্ন সংগঠনে ক'ভিড প্ৰট'কল মানি পালন কৰিলে ৰাভা দিৱস । উত্তৰ লখিমপুৰ নগৰৰ খেল পথাৰৰ সমীপত থকা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি কলাগুৰুক স্মৰণ কৰিলে লখিমপুৰ জিলা ছাত্ৰ সন্থাই । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ উদ্যোগত লখিমপুৰ উত্তৰ-পূৰ্ৱাঞ্চল সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহতো ৰাভা দিৱস উদযাপন কৰা হয় ।

Rabha divax observed at Lakhimpur
লখিমপুৰত ৰাভা দিৱস পালন

নাওবৈচা, 21 জুন: দেওবাৰে ৰাভা সংগীতেৰে মুখৰ হৈ পৰিল ৰাজ্যৰ আকাশ-বতাহ । অভিনেতা, বিপ্লৱী, নাট্যকাৰ, চিত্ৰকৰ, ৰাজনীতিজ্ঞ, সাহিত্যিক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ কৰিলে ৰাজ্যবাসীয়ে । ৰাজ্যৰ আন আন জিলাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ প্ৰতীক আজন্ম শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত লখিমপুৰতো দেওবাৰে অনুষ্ঠানৰ আয়োজন কৰা হয় । ক'ভিড প্ৰট'কল মানি বিভিন্ন সংস্থা, সংগঠনসমূহে ৰাভা দিৱসৰ (Rabha Divas) অনুষ্ঠানৰ আয়োজন কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে লখিমপুৰ জিলা ছাত্ৰ সন্থাই উত্তৰ লখিমপুৰ নগৰৰ খেল পথাৰৰ সমীপত থকা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় । নাট্যকৰ্মী তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অনুদান সমিতিৰ সদস্য দয়াল কৃষ্ণ নাথে কলাগুৰুৰ সৃষ্টিৰাজিৰ বিষয়ে বক্তব্য আগবঢ়ায় । আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত নগৰখনৰ লখিমপুৰ উত্তৰ-পূৰ্ৱাঞ্চল সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহতো ৰাভা দিৱস উদযাপন কৰা হয় ।

Rabha divax observed at Lakhimpur
লখিমপুৰত ৰাভা দিৱস পালন

এই অনুষ্ঠানত ৰাভা সংগীত পৰিৱেশনৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰা, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক ধনমণি দত্ত উপস্থিত থাকি মহান শিল্পীগৰাকীক স্মৰণ কৰে । প্ৰতি বছৰে ৰাভা দিৱসত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি কলাগুৰুক স্মৰণ কৰা হয় যদিও এইবাৰ ক'ভিড মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ ৰাভা দিৱস পালন কৰা হৈছে । বিভিন্ন সংগঠনে কেৱল কেইগৰাকীমান লোকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।

আনহাতে, চলিত বৰ্ষত সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা পৰলক্ষিত হৈছে । ফেচবুক পেজৰ জৰিয়তে নৃত্য-গীত আদি পৰৱেশন কৰা দেখা গৈছে । উল্লেখ্য যে, ১৯৩৯ চনত বিষ্ণু প্ৰসাদ ৰাভাক "কলাগুৰু" উপাধিৰে সন্মানিত কৰিছিল সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণনে । কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত মুগ্ধ হৈ তেওঁ বিষ্ণু প্ৰসাদ ৰাভাক "কলাগুৰু" উপাধিৰে সন্মানিত কৰে ।

লগতে পঢ়ক:মৰাণৰ কলা-সংস্কৃতিৰ সাধক দুৰ্লভ বুঢ়াগোঁহাইক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.