ETV Bharat / state

Pathetic Road : লখিমপুৰৰ ঘুনাসূতিত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Nov 14, 2021, 7:14 PM IST

দীৰ্ঘদিন ধৰি এটা জৰাজীৰ্ণ পথে জলা কলা খুৱাইছে লখিমপুৰৰ ঐতিহাসিক ঘূনাসূতিৰ ৰাইজক । কিন্তু গুৰুত্বপূৰ্ণ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে । চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বঞ্চিত ৰাইজ ।

Protest
লখিমপুৰৰ ঘুনাসূতিত ৰাইজৰ প্ৰতিবাদ

লখিমপুৰ,১৪ নৱেম্বৰ : বিজেপি (BJP) নেতৃত্বাধীন চৰকাৰে উন্নয়নৰ কথা কৈ আহিছে যদিও ৰাজ্যৰ বিভিন্ন স্থানৰ লোকে এতিয়াও উন্নয়নৰ (Development) মুখ দেখা নাই । বাট-পথৰ সমস্যা (Road problem), খোৱাপানীৰ সমস্যা (Drinking Water problem) আদিয়ে জলা-কলা খুৱাই আহিছে ৰাজ্যবাসীক । তেনে এক উন্নয়নৰ মুখ নেদেখা অঞ্চল হৈছে লখিমপুৰ জিলাৰ ঐতিহাসিক ঘুনাসূতি ।

জৰাজীৰ্ণ বাট-পথে অঞ্চলটোৰ ৰাইজক সমস্যাত পেলাই আহিছে । যাৰ বাবে এইবাৰ পথ নিৰ্মাণ সম্পৰ্কীয় এক অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলটোৰ ৰাইজে । বিশিষ্ট শিক্ষাবিদ প্ৰয়াত টাবু ৰাম টাইডৰ (Tabu Ram Taid) জন্মস্থান তথা প্ৰাথমিক শিক্ষা গ্রহণৰ ঠাই টামনচুকৰ পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে ।

লখিমপুৰৰ ঘুনাসূতিত ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে, চাউলধোৱাৰ পৰা ঘুনাসূতি হৈ এটা পথৰ নিৰ্মাণৰ কাম চলি আছে । কিন্তু এই পথটোৱে ঐতিহাসিক তথা ঘন জনবসতিপূৰ্ণ টামনচুকক সংযোগ নকৰিলে । বিপৰীতে জনবসতি সেৰেঙা গমিৰাম চুককহে সংযোগ কৰি নিৰ্মাণ কৰা হ'ল পথটো । যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ।

অঞ্চলটোৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিলে ৰাইজে । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ (Protest) স্বৰূপে টামনচুকৰ পথটো শনিবাৰে এঘণ্টা ধৰি অৱৰোধ কৰি ৰাখে ক্ষোভিত লোকসকলে । চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ক্ষোভ প্রকাশ কৰে লোকসকলে ।

ইফালে নৱ নিৰ্মিত পথটোৰ মুকলি কাৰ্যত বাধা দিব বুলিও হুংকাৰ দিয়ে ৰাইজে । সেয়ে অতি শীঘ্ৰে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ টামনচুকৰ পথটো নিৰ্মাণৰ দাবী জনায় ৰাইজে । এই ক্ষেত্ৰত সাংসদ আৰু স্থানীয় বিধায়কৰ হস্তক্ষেপো দাবী কৰে ৰাইজে ।

লগতে পঢ়ক :Corruption ! নিৰ্মাণ কাৰ্যৰ পৰা বঞ্চিত থলুৱা শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.