ETV Bharat / state

মিজোৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল লখিমপুৰ

author img

By

Published : Jul 29, 2021, 5:46 PM IST

লাইলাপুৰ কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ ৷ ইয়াৰ মাজতে মিজোৰ আক্ৰমণৰ প্ৰতিবাদত বৃহস্পতিবাৰে লখিমপুৰত সৃষ্টি হয় উত্তাল পৰিৱেশ ৷ মিজো মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ উপৰি অপৰাধীক গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

protest-at-lakhimpur-against-the-lailapur-incident
মিজোৰ আক্ৰমণৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ

লখিমপুৰ, 29 জুলাই : মিজোৰ আক্ৰমণত লাইলাপুৰত অসমৰ আৰক্ষী আৰু সাধাৰণ লোক হতাহত হোৱাৰ ঘটনাই দিল্লী, দিছপুৰক জোকাৰি যোৱাৰ সময়তে ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ ঢৌ ৷ সকলোৱে একমুখে উক্ত ঘটনাক গৰিহণা দিয়াৰ উপৰিও অপৰাধীক শাস্তি দিয়াৰ দাবী জনাইছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰতো উক্ত ঘটনাকলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ৷ নগৰৰ মাজ মজিয়াত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে ৷

মিজোৰ আক্ৰমণৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দুপৰীয়াৰ ভাগত এই প্ৰতিবাদ সাব্যস্ত কৰি মিজো চৰকাৰ হুচিয়াৰ, মিজো চৰকাৰ মুৰ্দাবাদ, তেজ দিম-মাটি নিদিও আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ উক্ত ঘটনাক গৰিহণা দি অপৰাধীসকলক অসম চৰকাৰক গতাই দিবলৈ প্ৰতিবাদকাৰী সকলে মিজোৰামৰ চৰকাৰক দাবী জনাই ৷ ইয়াৰ উপৰিও অসমীয়াই মাৰিবও জানে মৰিবও জানে বুলি হুংকাৰ দি মিজো চৰকাৰে এই ঘটনাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায় ৷ অন্যথা মিজোৰাম ভৱন ভাঙি পেলোৱাৰ লগতে অসমত থকা মিজো লোকক বাহিৰ কৰি দিয়া হ'ব বুলি মিজোৰামৰ চৰকাৰক সকিয়নী দিয়ে প্ৰতিবাদকাৰী সকলে ৷

এই ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে নিমাতি কইনাৰ ভাও দিয়া আৰু উচিত পদক্ষেপ নোলোৱা বুলিও সমালোচনা কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ৷ ইফালে একেদিনাই আৰটিআই কৰ্মী সন্থা, অসমেও লাইলাপুৰ কাণ্ডত জড়িত অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষককো অভিযোগ দাখিল কৰে আৰটিআই কৰ্মী সন্থাই ৷ উক্ত ঘটনাক লৈ সন্থাই দুখ প্ৰকাশ কৰাৰ লগতে মিজোৰামৰ পুলিচ অথবা সাংসদে অগণতান্ত্ৰিক বক্তব্য ৰখাত আশ্চৰ্য প্ৰকাশ কৰি তেওঁলোকক সংযত হোৱাৰ আহ্বান জনায় ৷

লগতে পঢ়কঃ মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.