ETV Bharat / city

মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

author img

By

Published : Jul 29, 2021, 3:53 PM IST

veer lachit sena protests in front of mizoram house against brutal murder of assam police personals
মিজোৰাম হাউচৰ সমূখত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ছজনকৈ জোৱানক হত্যা কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটীৰ জি এছ ৰোডত থকা মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে বীৰ লাচিত সেনা আৰু সন্মিলিত যুৱ পৰিষদে ৷ মিজোৰামৰ ওপৰত অসমৰ যোৰাবাটত অৰ্থনৈতিক অৱৰোধ(economic blockade) আৰম্ভ কৰা হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

গুৱাহাটী, ২৯ জুলাই : অসম আৰক্ষী জিন্দাবাদ, মিজোৰাম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে বৃহস্পতিবাৰে পুৱাই উত্তাল হৈ পৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ ৰাজপথ । অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ছজনকৈ জোৱানক হত্যা কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটীৰ জি এছ ৰোডত থকা মিজোৰাম হাউচৰ সমুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে বীৰ লাচিত সেনাই(Veer Lachit Sena) ৷

মিজোৰাম হাউচৰ সমূখত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

বীৰ লাচিত সোনাৰ লগতে সন্মিলিত যুৱ পৰিষদ(sanmilit yuva parishad)ৰ সদস্যসকলেও এই ধৰ্ণা কাৰ্যসূচীত অংশ লয় । অৱশ্যে আৰক্ষীৰ বাধাৰ বাবে প্ৰতিবাদী দলটো মিজোৰাম ভৱন চৌহদত প্ৰৱেশ কৰিবলৈ সক্ষম নহ'ল‌ । মিজোৰাম চৰকাৰে বৰ্তমান পৰ্যন্ত নৃশংসভাৱে অসম আৰক্ষীৰ জোৱানক হত্যা কৰা(brutal murder of assam police personals) লোকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হোৱাৰ কথা অৱগত কৰে প্ৰতিবাদী দলটোৱে ।

বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰী দলটোৱে মিজোৰাম হাউচ(Mizoram house)ত প্ৰৱেশ কৰি গামোচা উৰুৱাবলৈ চেষ্টা চলাই যদিও আৰক্ষীৰ বাধাৰ বাবে এই কাৰ্যত ব্যৰ্থ হয় । আনহাতে, সন্মিলিত যুৱ পৰিষদে ঘোষণা কৰে যে, মিজোৰামৰ বিৰুদ্ধে সোমবাৰৰ পৰা অৰ্থনৈতিক অবৰোধ আৰম্ভ কৰা হ’ব । অসমৰ যোৰাবাটত এই অৰ্থনৈতিক অৱৰোধ(economic blockade) আৰম্ভ কৰা হব বুলিও হুংকাৰ দিয়ে সন্মিলিত যুৱ পৰিষদে ।

লগতে পঢ়ক : অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.