ETV Bharat / state

Pranab Saikia murder case: এছ পি আনন্দ মিশ্ৰৰ ভাষণ নালাগে, লাগে এক্সন; লখিমপুৰত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jul 31, 2023, 6:58 AM IST

প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ বিৰুদ্ধে লখিমপুৰত অব্যাহত আছে প্ৰতিবাদ ৷ হত্যাকাৰীৰ শাস্তিৰ দাবী জনায় উত্তাল পৰিৱেশ ৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদকাৰী ৷

Proptest in Lakhimpur over Pranab saikia murder case
ন্যায় বিচাৰি লখিমপুৰত অব্যাহত প্ৰতিবাদ

ন্যায় বিচাৰি লখিমপুৰত অব্যাহত প্ৰতিবাদ

লখিমপুৰ, 31 জুলাই: লখিমপুৰত এতিয়া চৌদিশে কেৱল নিৰন্তৰ প্ৰতিবাদ । শুকুৰবাৰৰ নিশা চাংমাই গাঁৱৰ যুৱক প্ৰণৱ শইকীয়াক চোৰে হত্যা কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে হত্যাকাৰীৰ ফাঁচী অথবা এনকাউন্টাৰৰ দাবীত উত্তপ্ত হৈ পৰিছে লখিমপুৰ । দেওবাৰে সন্ধ্যা পুনৰ প্ৰণৱৰ সমাধিস্থলীৰ কাষত প্ৰতিবাদত বহে স্থানীয় ৰাইজ ।

প্ৰণৱৰ সমাধিস্থলীৰ কাষত দেওবাৰে প্ৰতিবাদত বহি প্ৰতিবাদকাৰীয়ে প্ৰণৱৰ মৃত্যুৰ ন্যায় দাবী কৰি জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীৰ ভূমিকাক সমালোচনা কৰে ৷ ‘‘লখিমপুৰত এছ পি আনন্দ মিশ্ৰৰ ভাষণ নালাগে, লাগে এক্সন; লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সভাই সমিতিয়ে ভাষণ দিব নালাগে । লাগে অপৰাধীৰ বিৰুদ্ধে এক্সন’’, আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

উল্লেখ্য যে, শুকুৰবাৰে নিশা চোৰৰ আক্রমণত প্ৰাণ হেৰুৱাইছিল লখিমপুৰ নগৰৰ সমীপৰ চাংমাই গাঁৱৰ প্ৰণৱ শইকীয়া নামৰ যুৱকজনে । যাৰ বাবে হত্যাকাৰীক ফাঁচী/এনকাউন্টাৰৰ দাবীত লখিমপুৰত সাব্যস্ত হৈছে নিৰন্তৰ প্ৰতিবাদ । ৰাইজৰ লগতে বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচীৰে উত্তপ্ত কৰি তোলা পৰিলক্ষিত হৈছে জিলাখনৰ বিভিন্ন ঠাই । শনিবাৰে জিলাখনত অসমীয়া যুৱ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে সদৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীসকলে প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক এনকাউন্টাৰ কৰাৰ দাবী জনায় ৷

সংগঠনটোৰ প্ৰৱল প্ৰতিবাদৰ বাবে সমগ্র নগৰখনত আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনী, বেটেলিয়ন আদি নিয়োগ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷ হত্যাকাৰীৰ শাস্তি প্ৰদান নকৰা পৰ্যন্ত ৰাইজে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও প্ৰতিবাদকাৰীয়ে চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক : Protest in Lakhimpur : প্ৰণৱ শইকীয়া হত্যাকাণ্ডই জ্বলাইছে লখিমপুৰ; অনিৰ্দিষ্টকালীন জিলা বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.