ETV Bharat / state

Protest in Lakhimpur : প্ৰণৱ শইকীয়া হত্যাকাণ্ডই জ্বলাইছে লখিমপুৰ; অনিৰ্দিষ্টকালীন জিলা বন্ধ ঘোষণা

author img

By

Published : Jul 30, 2023, 1:00 PM IST

প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ ৷ টায়াৰ জ্বলাই পথ অৱৰোধ, সদৰ থানাৰ সন্মুখত প্ৰতিবাদ প্ৰতিবাদকাৰীৰ ৷ প্ৰতিবাদকাৰী সকলে প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক এনকাউন্টাৰ কৰাৰ দাবী জনায় ৷

Asomiya YUVA Mancha Protest in Lakhimpur
প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক এনকাউন্টাৰৰ দাবী

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ

লখিমপুৰ, ৩০ জুলাই : প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ বিৰুদ্ধে জ্বলিছে লখিমপুৰ ৷ শনিবাৰৰ দিনটোত লখিমপুৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত দেওবাৰে পুৱাৰ পৰাই নগৰ খনৰ চৌদিশে উত্তাল পৰিৱেশৰ সৃষ্টি হয় ৷

প্ৰণৱৰ হত্যাকাণ্ডক লৈ উত্তপ্ত লখিমপুৰ ৷ নগৰৰ চৌদিশে উত্তাল পৰিস্থিতি ৷ টায়াৰ জ্বলাই পথ অৱৰোধ, সদৰ থানাৰ সন্মুখত প্ৰতিবাদ প্ৰতিবাদকাৰীৰ ৷ অনিৰ্দিষ্টকালীন জিলা বন্ধ ঘোষণা ৷ শুকুৰবাৰে নিশা লখিমপুৰ নগৰৰ সমীপৰ চাংমাই গাঁৱত ছাগলী চোৰে হত্যা কৰিছিল প্ৰণৱ শইকীয়া নামৰ নিৰীহ যুৱকজনক ৷ এই হত্যাকাণ্ডৰ পিছতেই উত্তাল হৈ পৰিছে লখিমপুৰ ৷

শনিবাৰে সন্ধিয়া পৰ্যন্ত প্ৰতিবাদত পৰিস্থিতি উত্তপ্ত হৈ থাকে লখিমপুৰ নগৰ ৷ দেওবাৰে পুৱাৰ পৰা পুনৰ নগৰ এলেকাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ অসমীয়া যুৱ মঞ্চৰ বহু সদস্য ওলাই আহি নগৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ৷ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰি নগৰখনৰ স্বাভাৱিক জীৱন যাত্রা অচল কৰি দিয়ে সংগঠনটোৱে ৷ একাংশ সদস্যই সদৰ থানাৰ সন্মুখতো উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷

প্ৰতিবাদকাৰী সকলে প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক এনকাউন্টাৰ কৰাৰ দাবী জনায় ৷ হত্যাকাণ্ডত জড়িত সকলোকে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি এনকাউন্টাৰ কৰাৰ দাবীত শ্ল’গান দি সদৰ থানাৰ পৰা নগৰ খনৰ বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে সংগঠনটোৱে ৷ অন্যথা দেওবাৰৰ পৰা অনিৰ্দিষ্টকালীন লখিমপুৰ জিলা বন্ধ ঘোষণা কৰে সংগঠনটোৱে ৷ সংগঠনটোৰ প্ৰৱল প্ৰতিবাদৰ বাবে সমগ্র নগৰ খনত আৰক্ষীয়ে সমৰসজ্জা সদৃশ প্ৰস্তুতি কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনী, বেটেলিয়ন আদি নিয়োগ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় ৷

পুৱাৰ পৰা সৃষ্টি হোৱা এনে উত্তপ্ত পৰিস্থিতি অৱশ্যে দুপৰীয়াৰ ভাগলৈ শাম কাটে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰৰ নিশা ঘটনাৰ পাছতে শনিবাৰে অভিযুক্ত দুই চোৰক আৰক্ষীয়ে আটক কৰি সদৰ থানাত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে ৷ আটক কৰা অভিযুক্ত দুটা আইজুল ৰহমান আৰু চফিক আলি বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.