ETV Bharat / state

77th Independence Day: লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

author img

By

Published : Jul 22, 2023, 2:06 PM IST

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা ৷ শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় এই সভা ৷

77th Independence Day
77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

লখিমপুৰ, 22 জুলাই : দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইদিনমান বাকী ৷ 15 আগষ্ট 2023ত সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হ’ব 77 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে এতিয়া চৌদিশে চলিছে প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় অসমো ৷ ৰাজ্যৰ জিলাই জিলাই জিলা প্ৰসাশনৰ তৰফৰ পৰা এই দিৱস উদযাপনৰ বাবে চলিছে প্ৰস্তুতি ৷

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সভা ৷ ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰে সফলতাৰে উদযাপন কৰিবলৈ শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায় ৷ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো প্ৰশাসনৰ উদ্যোগত দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হ'ব ৷ এই সন্দৰ্ভত লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাৰ সভাপতিত্বত লখিমপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুনীন্দ্ৰ দেউৰী, অতিৰিক্ত আয়ুক্ত সঞ্জীৱ দলৈ, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া, সকলো বিভাগৰ প্ৰশাসনীয় বিষয়া, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, নাগৰিক সমাজ, বিভিন্ন দল-সংগঠনক লৈ প্ৰস্তুতি সভাখন অনুষ্ঠিত হৈ যায় ৷

উন্নয়ন আয়ুক্ত গৰাকীয়ে সভাত 77 সংখ্যক স্বাধীনতা দিৱস সুচাৰুৰূপে পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷ সভাত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ, মূল কাৰ্যসূচীৰ ভিতৰত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা, দেশৰ শ্বহীদ আৰু মুক্তি সেনানী সকলক শ্ৰদ্ধাৰে স্মৰণ কৰা, স্বাধীনতা দিৱসৰ পুৱা 5 বজাত জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰ যোগে দেশপ্ৰেম মূলক গীত পৰিৱেশনেৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলা আৰু নিজ নিজ বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, জিলা অসামৰিক চিকিৎসালয়ৰ ৰোগী, জিলা কাৰাগাৰৰ কাৰাবাসী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লঘু আহাৰ বিতৰণ কৰা আদি কাৰ্যসূচীৰ লগতে আবেলি জিলা প্ৰশাসন একাদশ আৰু ক্ৰীড়া একাদশৰ প্ৰীতি ফুটবল খেলৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷

লগতে পঢ়ক : Assam Cabinet decision: ১৫ দিনৰ বাবে গাঁৱত থাকিব অসম চৰকাৰ; ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.