ETV Bharat / state

অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় অধিৱেশনৰ অস্থায়ী কাৰ্যালয় মুকলি

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:38 PM IST

লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত ২৫ আৰু ২৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসমীয়া যুৱ মঞ্চৰ ষষ্ঠ ত্ৰিবাৰ্ষিক কেন্দ্রীয় অধিবেশন আৰু ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে দেওবাৰে ত্যাগ ক্ষেত্রত উৎসৱমুখৰ পৰিবেশত এটি অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়।

Asomiya Yuva Mancha
২৫ আৰু ২৬ ডিচেম্বৰত অসমীয়া যুৱ মঞ্চৰ ষষ্ঠ ত্ৰিবাৰ্ষিক কেন্দ্রীয় অধিবেশন

অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় অধিৱেশনৰ প্ৰস্তুতি

লখিমপুৰ, 10 ডিচেম্বৰ : লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় অধিৱেশনৰ কাৰ্যালয় মুকলি ৷ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় অধিৱেশন উপলক্ষে দেওবাৰে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত এটি অস্থায়ী কাৰ্যালয় মুকলি কৰা হয় ৷ উল্লেখ্য যে, 25 আৰু 26 ডিচেম্বৰত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চৰ ষষ্ঠ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ লগতে 18 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব ৷ এই উপলক্ষে ইতিমধ্যে অভ্যৰ্থনা সমিতিকে ধৰি বিভিন্ন উপ-সমিতি গঠন কৰা হৈছে ৷

দেওবাৰে বিয়লি এই অধিৱেশন উপলক্ষে ত্যাগ ক্ষেত্ৰত এটি অস্থায়ী কাৰ্যালয় মুকলি কৰা হয় ৷ অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া তথা সদস্য, উদযাপন সমিতিৰ বিষয়ববীয়া তথা ৰাইজৰ উপস্থিতিত এক উৎসাহ ভৰা পৰিৱেশত কাৰ্যালয়টোৰ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি জীবন গোস্বামীয়ে ৷

কাৰ্যালয়টো মুকলি হোৱাৰ পাছতে ঠাইতে এখন সভাও অনুষ্ঠিত হয় ৷ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সম্পাদক অনুপম শইকীয়াই আঁত ধৰা এই সভাখনত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, সহ সচিব প্ৰধান আকাশ শইকীয়া, সাংগঠনিক সম্পাদক অনুপ কুমাৰ বৰা, অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ উদয় শংকৰ হাজৰিকা,বাবুল চুতীয়া, অৰূপ কলিতা, ভৱ গগৈ, মানসী ৰাজখোৱা, ৰাজু সিংহ, প্ৰশান্ত মোদক আদি বিভিন্ন বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে বীৰ লাচিত সেনাৰ ৰূপাংকৰ বৰা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মৃদুল শইকীয়া, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ শম্ভূ সিং আদিৰ লগতে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমণি কলিতা, সচিব প্ৰধান বিষ্ণু শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ৷

নিচেই কম দিনৰ ভিতৰতে আয়োজন কৰা এই অধিৱেশনখন সৰ্বতো প্ৰকাৰে সফল কৰি তুলিবলৈ সভাত উপস্থিত সকলোৱে সকলোৰে সহযোগিতা কামনা কৰে।

লগতে পঢ়ক : কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থকাৰ সম্ভাৱনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.