ETV Bharat / state

লখিমপুৰত বাঢ়িছে মৃৎশিল্পীৰ ব্যস্ততা

author img

By

Published : Sep 13, 2022, 8:54 PM IST

potters busy making vishwakarma idols in lakhimpur
লখিমপুৰত সীমাহীন ব্যস্ততা মৃৎশিল্পীৰ

ৰাজ্যত আৰম্ভ হৈছে পূজাৰ বতৰ । দূৰ্গা পূজাৰ আগে আগে উদযাপিত হব বিশ্বকৰ্মা পূজা(Biswakarma puja preparation) । মাজত মাথো কেইটামান দিনহে বাকী । এনে সময়ত ব্যস্ততা বাঢ়িছে শিল্পালয়ৰ শিল্পী সকলৰ । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো মৃৎ শিল্পী সকলে প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

লখিমপুৰ,১৩ ছেপ্টেম্বৰ: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো দুদিন মানহে বাকী । এই সময়ত পূজাৰ আয়োজক সকলৰ গাত তৰণি নোহোৱা হৈছে(Biswakarma puja preparation) । সমানে ব্যস্ততা বাঢিছে মৃৎশিল্পীসকলৰ । বছৰটোৰ অন্যতম ব্যৱসায়ীক সময় ৰূপে পৰিগণিত এই সময় খিনিত প্ৰতিমা বিক্ৰী কৰি দুপইচা অৰ্জন কৰাত দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ।

লখিমপুৰ নগৰ এলেকাত থকা মিলন শিল্পালয় আৰু নটৰাজ শিল্পালয়ৰ মৃৎশিল্পীসকলৰ এতিয়া ভীষণ ব্যস্ততা(Potters in Lakhimpur are now busy) । প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পী সকল । মৃৎ শিল্পীসকলৰ এইবাৰ মূখত হাঁহি বিৰিঙিছে । কিয়নো ক‘ভিডে তেওঁলোকৰ ব্যৱসায় ধ্বংস কৰি পেলাইছিল । কোঙা কৰি পেলাইছিল তেওলোকৰ জীৱন জীৱিকা । ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পাছত এইবাৰ ব্যৱসায়ো কিছু উন্নত হোৱাৰ সপোন দেখিছে এইসকল শিল্পীয়ে ।

লখিমপুৰত সীমাহীন ব্যস্ততা মৃৎশিল্পীৰ

মিলন শিল্পালয়ৰ শিল্পীসকলে জনোৱা অনুসৰি ১৪০ খন প্ৰতিমা অৰ্ডাৰ মতে নিৰ্মাণ কৰা হৈছে । দুহেজাৰৰ পৰা বিশ হেজাৰ পৰ্যন্ত দাম ধাৰ্য কৰা হৈছে প্ৰতিমা সমূহৰ । এইবাৰৰ পূজা ব্যাপক ৰূপত আয়োজনৰ লগতে প্ৰতিমাৰ চাহিদা বৃদ্ধি হোৱাত মৃৎশিল্পী সকলৰ উচাহ দুগুনে বৃদ্ধি পাইছে । জিলাখনত এতিয়া বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত মৃৎশিল্পী সকলৰ মাজত এনেদৰে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে ।

লগতে পঢ়ক: অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.