ETV Bharat / state

Scam in Rural development: জনজাতীয় লোকৰ উন্নয়নৰ নামত লুণ্ঠনৰাজ; ৰাইজৰ ক্ষোভ

author img

By

Published : Jul 28, 2023, 11:55 AM IST

লখিমপুৰত জনজাতি উন্নয়ন প্ৰকল্পলৈ নিম্নমানৰ সামগ্রী ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৷ স্থানীয় লোকৰ ক্ষোভ ৷

Scam in Rural development
জনজাতীয় লোকৰ উন্নয়নৰ নামত লুণ্ঠনৰাজ

জনজাতীয় লোকৰ উন্নয়নৰ নামত লুণ্ঠনৰাজ

লখিমপুৰ, 28 জুলাই : লখিমপুৰৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পলৈ অৰ্থাৎ জনজাতীয় লোকৰ মাজত বিতৰণৰ বাবে আদর্শ গ্রাম্য যোজনাৰ অধীনত ভালেমান যন্ত্র-পাতি যোগান ধৰা হৈছে । অৱশ্যে লখিমপুৰত জনজাতি উন্নয়ন প্ৰকল্পলৈ নিম্নমানৰ সামগ্রী ঠিকাদাৰী প্ৰতিষ্ঠানে যোগান ধৰা বুলি অভিযোগ তুলিছে স্থানীয় দল-সংগঠনে ।

উল্লেখ্য যে, সমন্বিত জনজাতি উন্নয়ন প্রকল্পৰ অধীনত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত জনজাতীয় লোকসকলক বিভিন্ন সামগ্ৰী যোগানৰ নামত এতিয়া নিম্নমানৰ সামগ্ৰী যোগানৰ অভিযোগ উত্থাপিত হৈছে । 2022-23 বৰ্ষত লখিমপুৰৰ সংহত জনজাতি উন্নয়ন প্রকল্পলৈ আটা মিল, মৰণা মৰা যন্ত্ৰ, পানী মেছিন আদি যোগান ধৰিছে যদিও এই সামগ্রীসমূহ অতি নিম্ন মানৰ বুলি অভিযোগ উত্থাপিত হৈছে স্থানীয় লোকৰ দ্বাৰা ।

প্ৰাপ্য তথ্য অনুসৰি লখিমপুৰ জিলাৰ 156 খন ৰাজহ গাঁৱলৈ প্ৰতি গাঁৱৰ নামত আদর্শ গ্রাম্য যোজনাৰ অধীনত 20 লাখ 38 হাজাৰ টকাৰ সামগ্ৰী যোগানৰ নিৰ্দেশ লাভ কৰে । সেই মর্মে লখিমপুৰৰ জনজাতি অধ্যুষিত অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এনে বৃহৎ পৰিমাণৰ ধন আৱণ্টন হোৱাৰ পিছত সামগ্ৰী যোগনীয়াৰ প্ৰতিষ্ঠানে ইয়াৰে আটা মিল, ধানৰ মৰণা মৰা যন্ত্ৰ, পানী মেছিন আদি যোগান ধৰিছে যদিও সামগ্রীসমুহ নিম্নমানৰ বুলি উঠিছে অভিযোগ ।

ভগা-ছিগা, ফুটা থকা আদি যন্ত্র-পাতি যোগান ধৰাৰ ফলত ক্ষুদ্ধ হৈ পৰিছে জনজাতীয় লোকসকল । জনজাতীয় লোকসকলক এনেদৰে ভগা-ছিগা নিম্নমানৰ সামগ্রী দি আভুৱা ভাৰিব খোজা হৈছে বুলি ক্ষোভ প্রকাশ কৰি ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰা হ’ব বুলি সকীয়নি দিয়ে স্থানীয় দল-সংগঠনে ।

লগতে পঢ়ক : Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.