ETV Bharat / state

ভূপেনে অলপ বেলেগকৈ উদযাপন কৰিলে স্বাধীনতা দিৱস...

author img

By

Published : Aug 15, 2021, 8:40 PM IST

আপুনি ভূপেন ভূঞাক চিনি পাই নেকি ! আজি ভূপেনে দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে উলহ-মালহৰে ৷ কাৰোলৈ বাট নাচাই নিজে সকলো অনুষ্ঠান কৰি গৈছে ভূপেনে ৷ পিছে কেনেকৈ পঢ়ক এই প্ৰতিবেদন ...

policemen-drunk
ভূপেনে স্বাধীনতা দিৱস উদযাপন কৰিছে...

বিহপুৰীয়া,15 আগষ্ট : দেশে 75 সংখ্যক স্বাধীনতা দিৱস ক’ৰণা মহামাৰীৰ মাজতো উলহ-মালহৰে উদযান কৰিছে ৷ সকলো ব্যস্ত স্বাধীনতা দিৱস উদযাপন কৰাত ৷ পিছে আমাৰ আকৌ ভূপেন ভূঞাই বেলেগকৈ মানে সকলোতকৈ বেলগকৈ উদযান কৰিছে স্বাধীনতা দিৱস ৷

ভূপেন ভূঞা আকৌ আপোনৰ মোৰ দৰে এলাপেছা নহয় ৷ তেওঁ এজন অসম আৰক্ষীৰ জোৱান ৷ তেওঁ যেনেকৈ স্বাধীনতা দিৱস উদযাপন কৰিছে দেখি আপোনাৰো চকু কপালত উঠিব ৷ ঘটনাটোৰ বিষয়ে জনোৱাৰ আগতে ভূপেনৰ পৰিচয়টো সৰ্ম্পূণ কৈ দি লওঁ ৷

নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত আৰক্ষী জোৱান হিচাপে কৰ্মৰত ভূপেন ভূঞা ৷ তেওঁ স্বাধীনতা দিৱসৰ দিনা পুৱাই ডিঙিলৈকে মদিৰা পান কৰি এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰে ৷ সুৰাৰ ৰাগীত মাতাল হৈ নিজে কি কৰিব ভূপেনে গমে পোৱা নাই ৷ এবাৰ ইফালে যায় আকৌ এবাৰ সিফালে যায় ৷ মুঠতে ভূপেনে স্বাধীনতা দিৱস এনেকৈ নিজৰ গাত লগাইছে দেখি সকলো আচৰিত হৈ পৰিছে ৷

ভূপেনে স্বাধীনতা দিৱস উদযাপন কৰিছে...

লগতে পঢ়কঃ শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা

একাংশই কৈছে ভূপেনেনো আজি স্বাধীনতা দিৱসৰ দিনটোতো এনে কৰিব লাগে নে ৷ সকলোৱে ভূপেনৰ ফালেই চাই থাকে ৷ যিখনহে নাটক কৰিছে ভূপেনে একাংশই আকৌ ক’বলৈকে লাজ কৰিছে ৷ মুঠৰ ওপৰত নাৰায়ণপুৰত আজি একাংশ ভূপেন ভূঞাক লৈয়ে ব্যস্ত হৈ থাকিল ৷ ক’বলৈ গ’লে একাংশই ভূপেনৰ কাণ্ড কাৰখানা দেখি ৰস পাইছে আন একাংশই আকৌ খাকী পোচাক পৰিধান কৰি এনেদৰে সুৰা ৰাগীত মতলিয়া হৈ থকা দেখি আক্ষেপো প্ৰকাশ কৰিছে ৷

যি সময়ত অসম চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ন ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একাংশ আৰক্ষী তথা আৰক্ষী বিষয়াৰ সততাৰে ৰাইজৰ তথা দেশৰ স্বাথৰ হকে সেৱা আগবঢ়াই আহিছে ৷ তাৰমাজতে এনে একাংশ অকমণ্য নিৰ্লজ্জ আৰক্ষীৰ বাবেই এই খাকী পোচাকযোৰৰ বদনাম হয় ৷ এনেধৰণৰ আৰক্ষী জোৱানৰ বিৰুদ্ধে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ‘ব ৷

লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.