River Bank Erosion in Subansiri River: ধন আবণ্টনৰ পাছতো নহ’ল সোৱণশিৰীৰ বুকুত চেনেল কাটিঙৰ কাম

author img

By

Published : Mar 15, 2023, 10:19 AM IST

Lakhimpur Erosion
বাৰিষা সমাগত: নৈ পৰীয়া ৰাইজ ()

বাৰিষাৰ দিন চমু চপাৰ লগে লগে পুনৰ এতিয়া শংকিত হৈ পৰিছে অসমৰ নৈ পৰীয়া ৰাইজ (Flood in Assam) ৷ জলসম্পদ বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবেই আগন্তুক বাৰিষাত তেলাহী অঞ্চলৰ পানীগাঁও পঞ্চায়ত আৰু মধ্য তেলাহী পঞ্চায়তৰ প্ৰায় ত্ৰিশখন গাঁৱৰ ৰাইজে বিগত বৰ্ষবোৰৰ দৰেই জীয়াতু ভোগ কৰিব লাগিব বুলি আশংকা প্ৰকাশ কৰিছে (River Bank Erosion in Subansiri River) ৷

লখিমপুৰ, 15 মাৰ্চ : বাৰিষা সমাগত ৷ মাজত মাথোঁ কেইটামান দিনহে বাকী ৷ বাৰিষাৰ দিন চমু চপাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে অসমৰ নৈ পৰীয়া ৰাইজ ৷ কিয়নো বাৰিষাৰ আগমণৰ লগে লগে ভয়ংকৰ বান আৰু গৰাখহনীয়াই জুৰুলা কৰি তোলে তেওঁলোকক ৷ বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো দীৰ্ঘম্যাদী আঁচনি তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত নৈ পৰীয়াসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় ৷

বাৰিষাৰ দিন চমু চপাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে লখিমপুৰ জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজ ৷ জলসম্পদ বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবেই আগন্তুক বাৰিষাত তেলাহী অঞ্চলৰ পানীগাঁও পঞ্চায়ত আৰু মধ্য তেলাহী পঞ্চায়তৰ প্ৰায় ত্ৰিশখন গাঁৱৰ ৰাইজে বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো জীয়াতু ভোগ কৰিব লাগিব বুলি আশংকা প্ৰকাশ কৰিছে ৷

উল্লেখযোগ্য যে, বিগত বাৰিষাৰ সময়ছোৱাত সোৱণশিৰী নদীৰ ভীমপৰা মাথাউৰিৰ 35 কিলোমিটাৰ অংশ সামৰি হোৱা খহনীয়াত চন্দ্ৰপুৰ ,ন-আলি ,হালধীয়া আতি গাঁৱৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ উচন যোৱাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি সোৱণশিৰীৰ বুকুত জাহ গ’ল (Erosion in Lakhimpur) ৷ বিগত সময়ত মথাউৰিৰ খহনীয়া অংশ সুৰক্ষিত কৰিবলৈ নদীত 'চেনেল কাটিং'ৰ এক আঁচনি গ্রহণ কৰা হয় (Embankment Erosion in Lakhimpur)।

খহনীয়াগ্ৰস্ত এই অংশ উদ্ধাৰৰ বাবে বছৰ বছৰ ধৰি ৰাইজে মথাউৰি নিৰ্মাণ, গড়া খহনীয়া প্ৰতিৰোধ আৰু নলা খন্দাৰ দাবী কৰি আহিছে যদিও চৰকাৰ তথা জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব দিয়া নাছিল (River Bank Erosion in Subansiri River) । অৱশ্যে যোৱাটো বৰ্ষত হোৱা বাৰিষাৰ দুৰ্যোগৰ পাছত সংশ্লিষ্ট বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে দহ কোটি টকা আৰু সোৱণশিৰীৰ বুকুত চেনেল কাটিঙৰ বাবে পোন্ধৰ কোটি টকাৰ আৱণ্টন দিয়ে ৷ সম্প্রতি দহ কোটি টকাৰে খহনীয়া প্ৰতিৰোধৰ কাম চলি আছে যদিও জলসম্পদ বিভাগৰ বৰমূৰীয়া সকলৰ অৱহেলা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত অগবঢ়াৰ লগতে কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

উল্লেখযোগ্য যে, ঘূনাসুঁতি দলঙৰ শিলান্যাস কৰাৰ দিনাই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী তেলিয়া পথাৰ অঞ্চলত চেনেল কাটিঙৰ বাবে ধন অনুমোদনৰ কথা ঘোষণা কৰিছিল (Himanta Biswa Sarma Assam CM)। কিন্তু অতি পৰিতাপৰ বিষয় যে শিলান্যাস কৰা তিনিমাহ পিছতো জলসম্পদ বিভাগে এচপৰাও মাটি কাটিব পৰা নাই নদীৰ বুকুত । বাৰিষাৰ আগমনৰ পূৰ্বেই যদি চেনেল কাটিঙৰ কাম কৰা নহয়, তেন্তে মথাউৰিটো অধিক বিপদাপন্ন হোৱাৰ লগতে কাষৰীয়া ত্ৰিশ, চল্লিছখন গাঁৱৰ ৰাইজে অন্য বছৰ দৰে এই বছৰো জীয়াতু ভোগ কৰিব লাগিব ৷

সম্প্রতি ৰাইজৰ মাজত সৃষ্টি হোৱা এটাই প্ৰশ্ন, ৰাজ্যখনৰ খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰা আৰু বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাৰ দ্বায়িত্বত থকা বিভাগটোৱে ৰাইজৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা সোৱণশিৰীৰ বুকুত চেনেল কাটিঙৰ কামটো স্থবিৰ হৈ ৰোৱাটো চৰকাৰখনৰ দৃষ্টিগোচৰ নোহোৱাকৈ কেনেকৈ আছে (Water Resources Minister Piyush Hazarika)? এই নিৰ্মাণ কাৰ্য এনেদৰে স্থবিৰ হৈ থকাটো অতি লজ্জাজনক আখ্যা স্থানীয় ৰাইজৰ ৷ সময় থকোতেই যদি আবণ্টিত আঁচনিৰ কাম সঠিকভাৱে ৰূপায়ণ নকৰে তেনেহলে অনাগত দিনত চৰকাৰ, জিলা প্ৰশাসন আৰু বিভাগীয় মন্ত্রী তথা জলসম্পদ বিভাগ জবাবদিহি হ’ব লাগিব বুলি স্থানীয় দল-সংগঠনৰ লগতে সচেতন ব্যক্তি সকলে মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : AAP protest against SEBA: লখিমপুৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.