AAP protest against SEBA: লখিমপুৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ

By

Published : Mar 14, 2023, 9:54 PM IST

thumbnail

লখিমপুৰ, ১৪ মাৰ্চ: মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক লৈ উত্তাল সমগ্র ৰাজ্য (Protest against question paper leak) । বিভিন্ন সংগঠনে বিভিন্ন পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষা বিভাগৰ লগতে চৰকাৰক ধিক্কাৰ দিছে । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে লখিমপুৰতো জ্বলিছে ক্ষোভৰ জুই । সোমবাৰৰ পৰা চৌদিশে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিয়েই আছে । মঙলবাৰৰ দিনটোও প্ৰতিবাদত উত্তাল পৰে জিলাখন (Protest against question paper leak in Lakhimpur) । 

জিলাখনৰ বিভিন্ন স্থানৰ উপৰি সদৰ এলেকাত আছু, ডি এছ অ', আপ আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । আম আদমি পাৰ্টিৰ লখিমপুৰ জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী । অসম চৰকাৰ হুচিয়াৰ, ছাত্র-ছাত্রীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, শিক্ষা বিভাগ কাম নাই আদি শ্লোগান দি উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে আপৰ প্ৰতিবাদকাৰী সকলে (SEBA question paper leak case) । 

আপৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই প্ৰতিবাদস্থলীত উপস্থিত হৈ কয় যে, বিষয়টোক লৈ শিক্ষা মন্ত্ৰীয়ে টুলুঙা মন্তব্য কৰিছে । যি সময়ত এই গুৰুত্বপূৰ্ণ ঘটনাক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে, বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই সময়ত শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰসংগ ক্ৰমে হাঁহিহে উঠিছে বুলি কৰা মন্তব্য গৰিহণাৰ যোগ্য বুলি তেওঁ ক্ষোভ প্রকাশ কৰি বিভাগটো চলাব নোৱাৰা শিক্ষা মন্ত্ৰীজনে পদত্যাগ কৰা উচিত বুলি উল্লেখ কৰে (Protest against SEBA for paper leakage issue) । 

লগতে পঢ়ক: Drinking water Crisis: ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ৰাইজে খাব লগীয়া হৈছে দুৰ্গন্ধময় নলাৰ পানী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.